টপচেম চিমেণ্টে চতুৰ্থবাৰলৈ আয়োজন কৰে বিনামূলীয়া কেটৰেক্ট চকু চাৰ্জাৰী শিবিৰ




ষ্টাফ ৰিপ'ৰ্টাৰ,,৪ ডিচেম্বৰ
টপচেম চিমেণ্ট কৰ্পোৰেট সামাজিক দায়বদ্ধতা (চিএছআৰ)ৰ অধীনত গুৱাহাটীৰ শ্ৰী শংকৰদেৱ নেত্রালয়ৰ উদ্যোগত এক বিনামূলীয়া চকু স্ক্ৰীণিং আৰু কেটাৰেক্ট চাৰ্জাৰী শিবিৰ আয়োজন কৰে। মেঘালয় চিমেণ্ট লিমিটেডে ২০১৮ ৰ পৰাই এইবাৰ সহ চতুৰ্থ বাৰলৈ বিনামূলীয়া কেটৰেক্ট অস্ত্ৰোপচাৰ শিবিৰ আয়োজন কৰে। যত শ্ৰী শংকৰদেৱ নেত্রালয়ৰ এটা বিশেষজ্ঞ দলে দৰং আৰু কামৰূপ গ্ৰাম্য  জিলাৰ ২৪১ জন চকু ৰোগীৰ পৰীক্ষা কৰে। ইয়াৰে ২৫ জন ৰোগীৰ কেটৰেক্ট চাৰ্জাৰীৰ ব্যয় টপচেম চিমেণ্টে নিজাববীয়াকৈ বহন কৰিব। ইয়াৰে প্ৰথম বেটছৰ ১২ জন ৰোগীৰ শংকৰদেৱ নেত্রালয়ত ১৮,২৭ নৱেম্বৰত আৰু ১ ডিচেম্বৰত কেটৰেক্ট চাৰ্জাৰী সফলতাৰে সম্পন্ন হৈছে।এই সন্দৰ্ভত মেঘালয় চিমেণ্ট লিমিটেডৰ চেলছ আৰু মাৰ্কেটিঙৰ অধ্যক্ষ ডঃ অনিল কাপুৰে কয়"-ভাৰতত অন্ধতাৰ মুখ্য কাৰণ হৈছে কেটৰেক্ট। অন্ধতাৰ আন এক কাৰণ হৈছে দৰিদ্ৰতা। এই কাৰ্যই পৰামৰ্শ দিয়ে যে কেটৰেক্ট চাৰ্জাৰী দৰিদ্ৰতা হ্ৰাস  কৰাৰ বাবে প্ৰস্তুত কৰা কৌশলৰ এক অবিচ্ছেদ্য অংশ হ'ব লাগে। টপচেম চিমেণ্টত উদ্যোগত বিনামূলীয়া কেটৰেক্ট চাৰ্জাৰী শিবিৰ আয়োজনৰ উদেশ্য হৈছে ইয়াৰ সংখ্যা হ্ৰাস কৰা। যোৱা তিনি বছৰত প্ৰায় ১০০ জন লোকৰ এই চিকিৎসা কৰা হৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা