বটদ্ৰৱা আৰক্ষীৰ জালত তিনি গভাইত জুৱাৰী

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৪ ডিচেম্বৰঃ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানা আৰু ডুমডুমীয়া আৰক্ষী পহৰা চকীৰ আৰক্ষীৰ যৌথ অভিযানত দেওবাৰে ডুমডুমীয়াৰ পৰা তিনিটা গভাইত জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়। ধৃত জুৱাৰীকেইটা হৈছে নুৰ মোহাম্মদ, দিলদাৰ হুছেইন আৰু মনুৰ উদ্দিন ৷ জানিব পৰা মতে, দীৰ্ঘদিন ধৰি এই জুৱাৰী কেইটাই আৰক্ষীৰ চকুুত ধূলি দি অবাধে ৰাজহুৱা স্থানত জুৱা খেল চলাই আহিছিল। এইদৰে জুৱা খেল পাতি গ্ৰামাঞ্চলৰ পৰিবেশ কলুষিত কৰি থকা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই জুৱাৰী তিনিটাক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে বটদ্ৰৱা আৰক্ষীয়ে জুৱাৰীকেইটাৰ বিৰুদ্ধে এটি গোচৰ ৰুজু কৰি জেল হাজোতলৈ  প্ৰেৰণ কৰিছে। উল্লেখ্য যে, বটদ্ৰৱা আৰক্ষীয়ে থানা এলেকাত বিভিন্ন অসামাজিক কাৰ্যকলাপ ৰুধিবলৈ অৰহৰ চেষ্টা অব্যাহত ৰাখিছে ।

Comments