মৈৰাবাৰীত অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিক ক্ৰিকেট খেলৰ চুড়ান্ত খেলত মামা ইলেভেনৰ বিজয়ী খিতাপ অৰ্জন

মৈৰাবাৰীত অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিক ক্ৰিকেট খেলৰ চুড়ান্ত খেলত মামা ইলেভেনৰ বিজয়ী খিতাপ অৰ্জন । 

মৈৰাবাৰী ভিক্টোৰিয়া ক্লাৱৰ উদ্যোগত সদৌ অসম ভিত্তিক স্বৰ্গীয় আব্দুল কাদিৰ মুক্তাৰ আৰু হবিবুৰ ৰহমান মড়ল সোঁৱৰণী প্ৰাইজমানী নকআউট T20 ক্ৰিকেট প্ৰতিযোগিতা মৈৰাবাৰী ইন্দিৰা খেল পথাৰত অনুষ্ঠিত হোৱা ক্ৰিকেট মেচত  অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নামী দামী ষোল্লটা ক্ৰিকেট দলে অংশগ্ৰহণ কৰিছিল। শেষত আজি চুৰান্ত খেল খন দুই শক্তিশালী দলৰ মাজত অনুষ্ঠিত হয়।  খেল শুভাৰম্ভণি কৰে সম্ৰাট মছলাৰ স্বতাধিকাৰী নুৰুল হুদা বেটিং আৰু গৰীবৰ বন্ধ বিৰাজ হাজৰিকাৰ বলিংয়েৰে। চুড়ান্ত খেলত অংশগ্ৰহণ কৰে মিজান ইলেভেন দুমদুমীয়া বনাম মামা ইলেভেন নগাঁও। মিজান ইলেভেনয়ে ১৪  অভাৰ ২ বলত ১০ টা উইকেট হেৰুৱাই ৮৪ ৰানৰ লক্ষ্য বান্ধি দিয়ে। তাৰ প্ৰত্যোত্তৰত মামা ইলেভেনয়ে ৯ টা অভাৰতে ৮৪ ৰান সংগ্ৰহ কৰি বিজয়ী খিতাপ অৰ্জন কৰে য'ত নাজমুল হকে ব্যক্তিগ'ত ভাৱে ১৯ টা বলত ৪৫ ৰান সংগ্ৰহ কৰি মেন অফ দা মেচ লাভ কৰে।এক লাখ টকা প্ৰাইজমানী ক্ৰিকেট খেলৰ বিজয়ী দল মামা ইলেভেন নগাঁওক নগদ ৭০ হাজাৰ টকাৰ লগতে কাদিৰ মুক্তাৰ আৰু হবিবুৰ ৰহমান সোৱৰণী ট্ৰফি প্ৰদান কৰে দাতা ছাইফুল ইছলামে। লগতে ৰাণাৰ্চ আপ মিজান ইলেভেন  দলে লাভ কৰে ট্ৰফিৰ সৈতে নগদ ধন ৩০ হাজাৰ টকা। উত্তেজনাপূৰ্ণ ফাইনেল ক্ৰিকেট খেল কভিড প্ৰটকল ৰক্ষা কৰি উপভোগ কৰি দৰ্শক সকলে খেল উপভোগ কৰে আজিৰ ফাইনেল ক্ৰিকেট খেলত উপস্থিত থকা অঞ্চলৰ ভালে সংখ্যক বিশিষ্ট ব্যক্তি সকলৰ লগতে সমুহ খেল প্ৰেমী দৰ্শকক ভেক্টেৰিয়া ক্লাৱৰ হৈ সভাপতি মেহবুব হাচানে ধন্যবাদ দিয়াৰ অভিনন্দন জ্ঞাপন কৰে ।মৈৰাবাৰীৰ পৰা মোস্তুফা জামানৰ ৰিপ'ৰ্ট

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা