শীতৰ প্ৰকোপ নেওচি বিটিচিত উত্তাল নিৰ্বাচনী বতাহ
সন্মুখত বিটিচি নিৰ্বাচন ৷ শীতৰ প্ৰকোপৰ মাজতো বিটিচিত গৰম নিৰ্বাচনী বতাহ ৷ প্ৰতিটো দলে দিনে নিশাই চলাইছে প্ৰচাৰাভিযান ৷ চতুৰ্থ বাৰৰ বাবে বিটিচি দখলৰ বাবে উঠিপৰি লাগিছে বিপিএফ ৷ বিটিচিৰ ৩২ নং ভেৰগাঁও পৰিষদীয় সমষ্টিতো আকৰ্ষণীয় হৈ উঠিছে নিৰ্বাচনী যুজ ৷ তিনি প্ৰধান ৰাজনৈতিক শক্তি বিপিএফ , বিজেপি আৰু ইউ পি পি এলে সমানে আগবাঢ়িছে নিৰ্বাচনী যুঁজত ৷ ভেৰগাঁও সমষ্টিতো পুনৰবাৰ নিজ হাতত ৰাখিবলৈ মৰণপন চেষ্টা চলাইছে বিপিএফে ৷ ভেৰগাঁৱত গাঁৱে গাঁৱে , ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে বিপিএফৰ যুৱ শক্তিয়ে ৷ বিপিএফৰ যুৱনেতা বিক্ৰম দৈমাৰীৰ নেতৃত্বত শতাধিক যুৱকে নেৰচন বড়োৰ সমৰ্থনত ঘৰে ঘৰে প্ৰচাৰ অভিযান চলোৱাৰ লগতে কাৰ ৰেলীৰে চমক দিৱলৈ চেষ্টা চলাইছে ৷ সাংবাদিকৰ আগত যুৱনেতা বিক্ৰম দৈমাৰীয়ে বিপিএফৰ সমৰ্থনত ভেৰগাঁৱৰ যুৱশক্তি থিয় দিয়া বুলি কৈ নেৰচন বড়োৰ বিজয় ইতিমধ্যে নিশ্চিত হোৱা বুলি দাৱী কৰে ৷
ডিমাকুছি ৰ পৰা,
পিংকু কলিতা ।
Comments
Post a Comment