বিশিষ্ট শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ বলোৰাম দাসৰ জীৱনাৱসান

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৮ ডিচেম্বৰঃ নগাঁও চহৰৰ হয়বৰগাঁও নিৱাসী বিশিষ্ট শিক্ষাবিদ বলোৰাম দাসৰ দেওঁবাৰে দুপৰীয়া প্ৰায় ১২ বজাত বাৰ্ধক্যজনিত কাৰণত নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে ৷ ১৯৬৪ চনত জিলাখনৰ ৰহা বিধানসভা সমষ্টিৰ উচ্চ শিক্ষাৰ একমাত্ৰ প্ৰতিষ্ঠান ঐতিহ্যমণ্ডিত ৰহা মহাবিদ্যালয় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বিশেষ ভাৱে অৰিহণা আগবঢ়োৱা ব্যক্তিসকলৰ ভিতৰত দাস আছিল অন্যতম। তেওঁ মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যাপক হোৱাৰ উপৰিও আছিল শিক্ষানুষ্ঠানখনৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰতিষ্ঠাতা আৰু ভূতপূৰ্ব মুৰব্বী অধ্যাপক ৷ ৰহা মহাবিদ্যালয়ৰ লগতে ৰহাৰ শৈক্ষিক পৰিবেশ উৰ্ধ্বগামী কৰি তোলাৰ ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়োৱা দাসে পৰৱৰ্তী পৰ্যায়ত শিক্ষানুষ্ঠানখনৰ উপাধ্যক্ষ আৰু পিছলৈ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব অতি নিষ্ঠাসহকাৰে পালন কৰি সকলোৰে প্ৰিয়ভাজন হৈ পৰিছিল ৷ সৎ, অমায়িক আৰু মৰমিয়াল স্বভাৱৰ দাসৰ মৃৃৃত্যুৰ বাতৰি পোৱাৰ লগে লগে তেখেতৰ বাসগৃহত অনেক গুণমুগ্ধ আৰু ৰহা মহাবিদ্যালয়ৰ পৰিয়ালৰ সদস্য উপস্থিত হৈ মহান শিক্ষাবিদ জনলৈ শেষ শ্ৰদ্ধা জনায় । আজীৱন শিক্ষাব্ৰতী, সৰল মনৰ দাসৰ মৃত্যুত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷ তেওঁ মৃত্যুৰ সময়ত পত্নীসহ দুই পুত্ৰ আৰু পুত্ৰবধুৰ লগতে বহু আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায় ৷ ইফালে, ৰহা মহাবিদ্যালয়ত আজি সমূহ শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত এখনি শোকসভা অনুষ্ঠিত কৰা হয় ৷ গাম্ভীৰ্যপূৰ্ণ সভাখনিৰ আৰম্ভণিতে প্ৰাক্তন অধ্যক্ষ গৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা হয় ৷ সভাত বহুকেইজন লোকে সদ্য প্ৰয়াত দাসৰ জীৱন পৰিক্ৰমা, ব্যক্তিত্ব আৰু কৰ্ম তথা গুণৰাজিৰ ওপৰত গভীৰভাবে আলোকপাত কৰে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা