বিশিষ্ট সাংবাদিকলৈ 'কৰ'না যোদ্ধা' সন্মান


আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ নাগৰিক ন্যায় বিভাগৰ,
 সভাপতি আব্দুৰ ৰাজীবে দিছ্পুৰ প্ৰেছ ক্লাৱত ৭ সাংবাদিকক 'কৰোনা যোদ্ধা' সন্মান প্ৰদান কৰা কৰে ।


ষ্টাফৰিপোৰ্টাৰ, ১৯ ডিচেম্বৰ : বিশ্ব মানৱ অধিকাৰ দিৱস"ৰ লগত সংগতি ৰাখি সমাজৰ বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকী 
বিশিষ্ট ব্যক্তিলৈ 'কৰ'না যোদ্ধা' সন্মান আগবঢ়োৱা হৈছে। 
আন্ত:ৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ নাগৰিক ন্যায় বিভাগ,অসম বৰ্ডৰ সভাপতি আব্দুৰ ৰাজিবে এই সম্পৰ্কে কয় 'আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ নাগৰিক ন্যায় বিভাগ,অসম বৰ্ডৰ  উদ্যোগত  ১০ ডিচেম্বৰত সমগ্ৰ বিশ্বত ''বিশ্ব মানৱ অধিকাৰ দিৱস" উপলক্ষে কৰ'না মহামাৰীৰ সময়ত যি সকল মহান ব্যক্তি যেনে প্ৰশাসনিক বিষয়া,আৰক্ষী বিষয়া,কৰ্মী,চিকিৎসক, সমাজ সেৱক,স্বাস্থ্য কৰ্মীৰ লগতে সাংবাদিকক ,যি সকল হৃদয়বান  ব্যক্তিয়ে  ৰাইজৰ হকে, ৰাইজক আৰ্থিক বাবে সহায়ৰ হাত আগবঢ়াইছে তেওঁলোকক  ' কৰ'না যোদ্ধা সন্মানেৰে সন্মানিত কৰা হয় । তেওঁলোক এই সন্মান শনিবাৰে দিছ্পুৰ প্ৰেছ ক্লাৱত জনোৱা হয় । গুৱাহাটীৰ ৭ জন সাংবাদিকক 'কৰ'না যোদ্ধা' প্ৰসংশা পত্ৰৰ লগতে এখনি ফুলাম গামোছা আৰু জাপিৰে সন্মান প্ৰদান কৰা হয়।কৰ'না যোদ্ধা' সন্মান প্ৰদান কৰা ব্যক্তি সকল হল, 'অসমীয়া খবৰ' কাকতৰ সংবাদিক প্ৰণৱ পাটোৱাৰী, অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক মনোজ ডেকা, দৈনিক অসম কাকতৰ উপ-সম্পাদক ড০ কুশল কলিতা, দৈনিক বাতৰি কাকতৰ উপ-সম্পাদক দ্বীপেন ভৰালী,
আমাৰ অসমৰ কাকতৰ সাংবাদিক অনুপমা ডেকা,  ফাষ্ট নিউজ ৰিপোৰ্টৰ সাংবাদিক 
দীপাঞ্জলি ডেকা। এই উপলক্ষে অনুষ্ঠিত সভাখন পৰিচালনা কৰে আন্ত:ৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ নাগৰিক ন্যায় বিভাগ অসম ৰাজ্যিক সভাপতি আব্দুৰ ৰাজিবে। বিশিষ্ট সাংবাদিক চন্দ্ৰ কুমাৰ শইকীয়াই পৌৰহিত্যত কৰা সভাখনত
মুখ্য অতিথি  হিচাপে বিশিষ্ট লেখক, অৱসৰ প্রাপ্ত প্ৰশাসনিক বিষয়া থানেশ্বৰ মালাকাৰ আৰু
বিশিষ্ট অতিথি হিচাপে বিশিষ্ট লেখক, সাংস্কৃতিক কর্মী গোপাল জালান উপস্থিত থাকি বক্তব্য আগবঢ়ায়। সভাত সাংবাদিক অনুপমা ডেকা আৰু দীপাঞ্জলি ডেকাই গীত পৰিবেশন কৰে।
 সভাত  হোজাই জিলা বৰ্ডৰ সভাপতি আফজলুৰ ৰহমান বৰভূঞা, লখিমপুৰ জিলা বৰ্ডৰ উপ সভাপতি ৰেকিব উদ্দীন আহমেদ , সম্পাদিকা নাজমা বেগম হাজৰিকা, বৰপেটা জিলা বৰ্ডৰ সভাপতি হাশ্বেম আলি খান উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা