চিকিৎসকৰ ৰূপত বঙাইগাঁৱৰ জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া

বঙাইগাঁওত মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাসৰ উদ্দেশ্যেৰে 'প্ৰজেক্ট সৌভাগ্য'ৰ শুভাৰম্ভণি

চিকিৎসকৰ ৰূপত জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া

বঙাইগাঁওঃ২৩ ডিচেম্বৰঃ বঙাইগাঁও জিলাৰ স্বাস্থ্য ক্ষেত্ৰখনত অভিনৱ পদক্ষেপৰ এক সংযোজন হিচাবে সংযুক্ত হ'ল জিলা উপায়ুক্ত ডাঃ এম. এছ. লক্ষ্মী প্ৰিয়াৰ সম্পূৰ্ণ নিজা চিন্তা -চৰ্চা আৰু জিলা স্বাস্থ্য সমিতিৰ সহযোগত আজিৰে পৰা শুভাৰম্ভণি হোৱা 'প্ৰজেক্ট সৌভাগ্য'। পৰ্যাপ্ত আৰু সঠিক ডাক্টৰী পৰীক্ষা-নিৰীক্ষা আৰু চিকিৎসাৰ অভাৱত হোৱা মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ অৰ্থাৎ যিবোৰ মৃত্যু সাধাৰণতে সঠিক সময়ত উপযুক্ত চিকিৎসা পালে এৰাই চলিব পৰা গলহেঁতেন , তেনে মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ উদ্দেশ্যে আজি বঙাইগাঁও চহৰৰ মহাবীৰস্থানত অৱস্থিত ৰামকৃষ্ণ মিছনত আয়োজিত শুভাৰম্ভণি অনুষ্ঠানত অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগ তথা অন্যান্য বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে আনুষ্ঠানিক ভাৱে প্ৰজেক্ট সৌভাগ্যৰ শুভাৰম্ভ কৰে। প্ৰজেক্ট সৌভাগ্যৰ শুভাৰম্ভ কৰি নিজৰ  ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান বঙাইগাঁও জিলাৰ স্বাস্থ্য ক্ষেত্ৰখন পূৰ্বতকৈ বহু উন্নত হৈছে যদিও প্ৰকৃত হিতাধিকাৰী সকলৰ অজ্ঞতা আৰু অৱজ্ঞাৰ বাবে চৰকাৰী চিকিৎসা সেৱা সমূহ লাভৰ পৰা বঞ্চিত হৈ থাকে ৷ ফলস্বৰূপে এতিয়াও জিলাখনত মাতৃ আৰু শিশুৰ অনাকাংক্ষিত মৃত্যু দেখিবলৈ পোৱা যায়। তেওঁ সকলোকে চৰকাৰী আঁচনিসমূহৰ সা- সুবিধা সঠিক ৰূপত গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহি আঁচনি সমূহৰ প্ৰকৃতাৰ্থত সাফল্য সুনিশ্চিত কৰিবলৈ আহ্বান জনায়। আনহাতে জিলা উপায়ুক্ত ডাঃ এম .এছ. লক্ষ্মী প্ৰিয়াই এই প্ৰজেক্ট সম্বন্ধে উল্লেখ কৰি কয় যে এই প্ৰজেক্ট সৌভাগ্যৰ সঠিক ৰূপায়ণৰ জৰিয়তে মাতৃ আৰু শিশুৰ অনাকাংক্ষিত মৃত্যুৰ হাৰ বহু পৰিমাণে হ্ৰাস কৰিব পৰা যাব।এই প্ৰজেক্টৰ অধীনত এটা ছফ্টৱেৰ বনোৱা হৈছে আৰু যাৰ দ্বাৰা প্ৰতি গৰাকী গৰ্ভৱতী মহিলাৰ সময়ে সময়ে হোৱা জৰুৰী পৰীক্ষাৰ তথ্য সমূহ অনলাইন আপলোড কৰা হ'ব আৰু নিয়মিত নিৰীক্ষণ কৰি থাকিব পৰা যাৱ ৷ লগতে কোনো মহিলাৰ ক্ষেত্ৰত জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পৰা  গুৰুতৰ অসুবিধা অৰ্থাৎ উচ্চ বিপদ শংকা যুক্ত লক্ষণ পৰিস্ফুট হ'লে তৎকালীনভাৱে উন্নত চিকিৎসাৰ ব্যৱস্থা কৰি মৃত্যুৰ দৰে চৰম পৰিস্থিতিৰ পৰা মহিলা গৰাকী বা শিশুটিক বচাব পৰা যাৱ।জীৱনৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পৰা লক্ষণ সমূহ সঠিক ৰূপত প্ৰতি বুধবাৰে হোৱা চেকআপত (ANCs) যাতে সহজে চিনাক্ত কৰিব পৰা যায় তাৰ বাবে 'পাৰটো'গ্ৰাফ'ৰ ব্যৱস্থা কৰা হৈছে ৷ উল্লেখ্য যে আজিৰ অনুষ্ঠানতে  মন্ত্ৰী আৰু জিলা উপায়ুক্তই উক্ত পাৰটো'গ্ৰাফ আনুষ্ঠানিক ভাৱে মুকলি কৰে।এই পাৰটো'গ্ৰাফ হৈছে এক পৃষ্ঠা জোৰা বিভিন্ন স্বাস্থ্য বিষয়ক সঠিক পৰিসংখ্যা চিহ্নিত কৰি থোৱা এক দলিল আৰু এই পাৰটো'গ্ৰাফট প্ৰতিটো স্বাস্থ্য পৰীক্ষাৰ পাছত পোৱা তথ্য যেনে এগৰাকীৰ মহিলাৰ  ব্লাড প্ৰেছাৰ, হিমগ্ল'বিন ঠিকে আছে নে নাই বা ভ্ৰূণৰ অৱস্থিতি  ইত্যাদি সম্বন্ধিত তথ্য সমূহে যদি চিহ্নিত কৰি থোৱা বিপদ সীমা অতিক্ৰম কৰে তেতিয়া তাৰ ওপৰত ভিত্তি কৰি তৎকালীন ভাৱে উচ্চ মানদণ্ডৰ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হ'ব। গাওঁ পৰ্যায়ত বা স্বাস্থ্য উপকেন্দ্ৰ সমূহত এএনএম বা আশাই গৰ্ভৱতী মহিলা গৰাকীৰ নাম পঞ্জীয়ন কৰিব আৰু তাৰ পাছত প্ৰতি বুধবাৰে চেক্টৰ বা ব্ল'ক পৰ্যায়ত হোৱা এএনচিএছ বা প্ৰসৱ পূৰ্বক পৰীক্ষাৰ সময়ত এবিপিএম (ABPM), এমপিডব্লিউ ( MPW), চিএইচঅ ( CHO), বিডিএম (BDM) আদিয়ে গৰ্ভৱতী মহিলাগৰাকীৰ তথ্য সমূহ অনলাইন যোগে বিশেষ ছফ্টৱেৰত অন্তৰ্ভূক্তি কৰিব। ইয়াৰ ঠিক পাছৰ বৃহস্পতিবাৰটোত উচ্চ বিপদ শংকাযুক্ত গৰ্ভৱতী মহিলাসকলক চেক্টৰ বা ব্লক পৰ্যায়ত পুনৰ স্বাস্থ্য পৰীক্ষা কৰা হ'ব আৰু শুক্ৰবাৰে খণ্ড পৰ্যায়ত অনুমোদনৰ পাছত উচ্চ মান বিশিষ্ট গুণগত চিকিৎসাৰ বাবে জিলা পৰ্যায়লৈ গৰ্ভৱতী মহিলা গৰাকীক প্ৰেৰণ কৰা হ'ব। ইপিনে এই শুভাৰম্ভণি অনুষ্ঠানৰ ঠাইতে অনুষ্ঠানৰ শেষত গৰ্ভৱতী মহিলাসকলৰ প্ৰসৱ পূৰ্বক স্বাস্থ্য পৰীক্ষা কৰা হয় আৰু জিলা উপায়ুক্ত  গৰাকীয়ে নিজেও এজন চিকিসক হিচাবে উক্ত স্বাস্থ্য পৰীক্ষাত অংশ লয়।


প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা