যমপুৰী দৰ্শন। মৃত্যুক জিনিলে উত্তৰ গুৱাহাটীৰ গণেশ বৰাই

পঙ্কজ নাথ, চাংসাৰি, ২৪ ডিচেম্বৰ :

ৰাখে হৰি মাৰে কোনে। আজি এই বাক্যটো সত্য প্ৰমাণিত হ'ল উত্তৰ গুৱাহাটী ভেটামুখত। আজি ৰাতিপূৱা ৮:৩০ মান বজাত তীব্ৰ গতিত অহা As06s1477 নম্বৰ বলেৰ'অ গাড়ী এখনে পথৰ দাঁতিত ৰৈ থকা অৱস্থাত মহতিয়াই লৈ যায় এজন লোকক। লোক জন ভেটামুখ নিৱাসী গণেশ বৰা। গণেশ বৰাই পূৱা ঘৰৰ পৰা দোকানলৈ যাবৰ বাবে ঘৰৰ দুৱাৰ মুখত ৰৈ থাকোতেই এই ঘটনা সংঘটিত হয়। এই সমগ্ৰ ঘটনা বন্দী হল চিচি টিভিৰ কেমেৰাত। এক শ্বাসৰুদ্ধকাৰী  ঘটনা। ঘটনাত গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত গণেশ বৰা বৰ্তমান নাৰায়ণ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে যদিও বিপদ মুক্ত নহয় বুলি পৰিয়াল লোকে জানিবলৈ দিছে। ঘটনা সংঘটিত হোৱাৰ পিছতেই উত্তৰ গুৱাহাটী আৰক্ষীয়ে তৎপৰতাৰে দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন আবদ্ধ কৰি তদন্ত আৰম্ভ কৰিছে। শেহতীয়া খবৰ অনুসৰি চিকিৎসকৰ মতে গণেশ বৰা বিপদ মুক্ত যদিও শৰীৰত যথেষ্ট আঘাত পাইছে। চালকৰ অমনোযোগিতাৰ বাবেই এই ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাৰ সময়ত বৰাি নলাত পৰি সোমাই যোৱা বাবে নিশ্চিত মৃত্যৰ পৰা ৰক্ষা পৰে। সেয়েহে এই দুৰ্ঘটনাৰ পিছতে ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে এই কথাষাৰ সত্য প্ৰমাণিত হল বুলি অঞ্চলবাসী একাংশৰ মাজত আলোচিত হৈছে ।

কামৰূপ ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা