তিৱা পৰিষদৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা পুখুৰীপাৰত বিজেপিৰ চমক≈≈তিৱা সাজপাৰ পিন্ধি নাচি-বাগি মহিলা মৰ্চাৰ উচাহ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৫ ডিছেম্বৰ: অহা ১৭ ডিছেম্বৰত অনুষ্ঠিত হ’বলগীয়া তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা পাঁচ শতাধিক বাইক আৰু শতাধিক সৰু বৰ গাড়ীৰে এক বৃহৎ নিৰ্বাচনী ৰেলী উলিয়াই  ২২ নং তিৱা পৰিষদীয় সমষ্টিত  বিজেপি দলে এক চমক সৃষ্টি কৰি নিৰ্বাচনী বতাহ গৰম কৰি তোলে ৷ বেবেজীয়াৰ সমীপৰ ডিমৌ চাৰিআলিস্থিত সমষ্টিটোৰ দলীয় প্ৰাৰ্থী বিশ্বজ্যোতি পাটৰৰ বাসগৃহৰ পৰা পুৱা ১১ বজাত আৰম্ভ হোৱা এই নিৰ্বাচনী ৰেলীৰ নেতৃত্ব লয় নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ৷ কেবা সহস্ৰাধিক দলীয় নেতা কৰ্মীয়ে অংশ লোৱা এই ৰেলী ডিমৌ চাৰিআলিৰ পৰা আৰম্ভ হৈ বালিসৰা, শেতালি, কুজাৰবড়ি, জামুগুৰিৰ, জলময়গাঁও, পুখুৰীপাৰ, ডেকাগাঁও, বেজৰগাঁও, বৰাগাঁও, কাছমাৰী, বামুনগাঁও, ম’হেখুছা আদি অঞ্চল অতিক্ৰমী পলাশতল ৰাস মন্দিৰত বিয়লি ৩ বজাত সামৰণি পৰে ৷ ৰেলীত বিধায়ক ৰূপক শৰ্মাৰ লগতে  তিৱা পৰিষদৰ উপাধ্যক্ষ বিদ্যুত বৰদলৈ, সমষ্টিটোৰ নিৰ্বাচনী প্ৰভাৰী বিভূতি ভূষন বৰঠাকুৰ, কাছমাৰী গাঁও পঞ্চায়তৰ সম্পাদক পংকজ বৰা, বেবেজীয়া-ডিমৌ-বাংথাই গাঁও পঞ্চায়তৰ সভাপতি দীগন্ত কুমাৰ নাথ, নিৰ্বাচনী সমিতিৰ সভাপতি নৃপেন বৰদলৈ, সম্পাদক ধীৰেন হাজৰিকা, প্ৰচাৰ সম্পাদক ৰাজেশ কোঁৱৰকে ধৰি  কেইবা সহস্ৰাধিক দলীয় কৰ্মী সমৰ্থকে অংশ লৈ সমষ্টিত বিজেপি প্ৰাৰ্থী গৰাকী বিজয় এক প্ৰকাৰ নিশ্চিত কৰি তোলে ৷ ইফালে, এই স্বতঃস্ফূৰ্ত ৰেলীটোত জিলা পৰিষদৰ সদস্যা কাঞ্চন বৰদলৈ, মহিলা মৰ্চাৰ জিলা পৰ্যবেক্ষক ময়ুৰী মহন্ত, জিলা সম্পাদিকা 
শৰ্মিষ্ঠা শৰ্মা, জিলা সদস্যা জ্যোতিকা ভূঞা,
নিৰলা বৰুৱা, অমিয়া বৰা আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী দিপাঞ্জলী কোঁৱৰ, শালমৰা পঞ্চায়তৰ সভানেত্ৰী ববিতা মেধিকে ধৰি মহিলা মৰ্চাৰ সদস্যাসকলে সম্পূৰ্ণ তিৱা সাজ পৰিধান কৰি নাচি-বাগি বিজেপি জিন্দাবাদ ধ্বনিৰে ভোটাৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷ ৰেলীৰ অন্তত উৎফুল্লিত  বিধায়ক ৰূপক শৰ্মাই   কয় "আজিৰ ৰেলীটোৱেই ৰিজাল্ট ৷ আমি  সৰ্বাধিক সংখ্যক ভোটত ২২নং পুখুৰীপাৰ সমষ্টি দখল কৰিম ৷"

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা