শৰ্মিষ্ঠা প্ৰীতমলৈ উত্তৰ পুৰুষৰ মঞ্চই প্ৰদান কৰিলে সংগঠনটো সৰ্বোচ্চ সন্মান অক্লান্ত উত্তৰ পুৰুষ বঁ‌টা

পঙ্কজ নাথ, চাংসাৰি, ৬ ডিচেম্বৰ :

আজি গুৱাহাটী প্ৰেছক্লাৱত অসমৰ এগৰাকী যশস্বী লেখিকা শৰ্মিষ্ঠা প্ৰীতমক উত্তৰ পুৰুষৰ মঞ্চই "অক্লান্ত উত্তৰ পুৰুষ বঁ‌টা-২০২০" প্ৰদান কৰে। সৰুৰে পৰা স্পাইনেল মাছকুলাৰ এট্ৰ'ফী নামৰ ৰোগত আক্ৰান্ত হোৱা তেজস্বী লেখিকা  গৰাকীয়ে ইতিমধ্যে  বহু কেইখন গ্ৰন্থৰে নিজৰ স্বকীয় সৃষ্টিশীলতাক প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে। শৰ্মিষ্ঠা প্ৰীতমে জীৱনৰ অনেক প্ৰত্যাহ্বানকো নেওচি উত্তৰ পুৰুষৰ বাবে দেখুওৱা আদৰ্শৰ বাবে ২০২০ বাবে আজি  এই বঁ‌টাৰে  তেখেতক বিভূষিত কৰা হয় বুলি উত্তৰ পুৰুষৰ মুখ্য সম্পাদক তথা বিশিষ্ট কবি,নিবন্ধকাৰ দিবাকৰ ৰেণু প্ৰকাশ কৰে।অসমৰ সাহিত্য ,সামাজিক প্ৰাকৃতিক  আৰু সাংস্কৃতিক অনুষ্ঠান "উত্তৰ পুৰুষৰ মঞ্চ"ই সংগঠনটোৰ ফালৰ পৰা মঞ্চৰ সৰ্বোচ্চ সন্মান "অক্লান্ত উত্তৰ পুৰুষ বঁ‌টা"  ২০১৬ চনৰ পৰাই প্ৰদান কৰি আহিছে।ইতিমধ্যে জীৱন যুদ্ধত সাহসেৰে যুঁজদি জীয়াই থাকি আনৰ বাবে অহৰহ চিন্তা কৰা বিশিষ্ট শিশু সাহিত্যিক তথা ধঁ‌পাত বিৰোধী আন্দোলনৰ নীৰৱ কৰ্মী দেৱৰাজ কলিতা,এইডছ আৰু দেবাংগৰ বাবে সদা জাগ্ৰত কৰ্মী জাহ্নৱী গোস্বামী ,চকুৰ দৃষ্টিশক্তি যোৱাৰ পিছতো সংগীত সাধনাৰে উত্তৰ পুৰুষৰ আদৰ্শ হোৱা শিল্পী মনোজ কাশ্যপ,উত্তৰ পুৰুষৰ আদৰ্শ প্ৰচণ্ড আত্মশক্তি সম্পন্না লেখিকা,সমাজকৰ্মী,বিজয়িনী নামৰ আত্মজীৱনীমূলক গ্ৰন্থৰ স্ৰষ্টা জুলী বৰুৱাক এই বঁ‌টাৰে সন্মানিত কৰা হৈছে।

  আজি উত্তৰ পুৰুষৰ মঞ্চৰ সভাপতি ড°দিব্যজ্যোতি মহন্তৰ উপস্থিতিত জোনাক মাহেকীয়া আলোচনীৰ মুখ্য সম্পাদক পুলকেশ ৰায় বৰুৱাই আঁ‌ত ধৰা অনুষ্ঠানত লেখিকা গৰাকী উক্ত বঁ‌টাটি প্ৰদান কৰা হয়।উক্ত অনুষ্ঠানতে  উত্তৰ পুৰুষৰ মঞ্চৰ তৰফৰ পৰা বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হয় নামনি অসমৰ অধুনালুপ্ত যাত্ৰাপাৰ্টিৰ অপ্ৰমাদী নাট্যশিল্পী নৰেশ্বৰ হালৈকো।তাৰোপৰি বিশিষ্টা লেখিকা, কবি গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী বিষয় শিক্ষয়িত্ৰী ড°অনিমা শইকীয়া বৰা,বিশিষ্টা কবি যোৰহাটৰ শংকৰদেৱ একাডেমীৰ অধ্যক্ষা ৰীনা বুঢ়াগোহাঁ‌ই বৰুৱা আৰু বিশিষ্টা কবি,মৰিগাঁ‌ও ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী দীপামণি বৰঠাকুৰকো তেখেত সকলৰ সমাজলৈ আগবঢ়োৱা বিশেষ সেৱাৰ বাবে সম্বৰ্ধনা জনোৱা হয়।

 অনুষ্ঠানত বিশিষ্ট ঔপন্যাসিক,বহু কেইখন গ্ৰন্থৰ ৰচোতা অশ্বিনী বেজবৰুৱা,সৰগম সংগীত বিদ্যালয়ৰ অধ্যক্ষ,সাংস্কৃতিক কৰ্মী নিৰেন চন্দ্ৰ বৈশ্য আৰু দৈনন্দিন বাৰ্তা কাকতৰ সম্পাদক তথা DB NEWS ৰ পৰিচালন সঞ্চালক,বিশিষ্ট সাংবাদিক শংকৰ গোহাঞিয়ে    উপস্থিত থাকি শোভা বৰ্ধণ কৰে।উল্লেখযোগ্যযে বিশিষ্ট অতিথি সকলকো মঞ্চৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।

উক্ত অনুষ্ঠানতে মঞ্চৰ মুখ্য উপদেষ্টা দেৱৰাজ কলিতাৰ জীৱনৰ ওপৰত আধাৰিত"অক্লান্ত উত্তৰ পুৰুষ" দ্বিতীয় সংস্কৰণ আৰু হৃদয়ৰ সঁ‌ফুৰা নামৰ গ্ৰন্থ দুখন উন্মোচন কৰা হয়।উত্তৰ পুৰুষৰ মঞ্চৰ মুখ্য সম্পাদক দিবাকৰ ৰেণুয়ে উদ্দেশ্য ব্যাখা কৰা উক্ত অনুষ্ঠানত উপস্থিত থাকে বিন্দু আলোচনীৰ সম্পাদক কমল কুমাৰ, মঞ্চৰ সাধাৰণ সম্পাদক স্পন্দন পলাশ,সাহিত্য সম্পাদক হৰেকৃষ্ণ হালৈ, কবি জৰ্জিনা বেগম,চন্দনা চৌধুৰী,ৰঞ্জিতা বেজবৰুৱা,ৰাজকমল কলিতা,দীপক দে,সিদ্ধাৰ্থ কলিতা,নিখিল কুমাৰ নাথ,ৰঞ্জুশ্ৰী বৰ্মন,ভাইকন দত্ত,ৰেণু বৰুৱা,ৰঞ্জিত কুমাৰ শৰ্মা,বিজয়িনীৰ শ্ৰষ্টা জুলী বৰুৱা,মৌচুমী ভট্টাচাৰ্য্য বৰুৱা,প্ৰাঞ্জল কুমাৰ মহন্ত,বীণাপাণি হালৈ কলিতা,লিপিকা বৰুৱা,ৰূপম সেনাপতি,মধুস্মিতা শৰ্মা,প্ৰাঞ্জল শৰ্মা,নগেন শৰ্মা,মহেশ চৌধুৰী,ডা°বিজুজ জাহান চালেহা বেগম,শিখামণি দত্ত,বৰ্ণালী হাজৰিকা,নৱ কুমাৰ ডেকা,ৰাজকমল কলিতা,নিৰ্মিতা বৰগোঁ‌হাই,ড° ৰূপা ডেকা পাটৰ,ববিতা বৈশ্য লহকৰ উপৰিও বহুতো উত্তৰ পুৰুষৰ সদস্যৰ লগতে বিশিষ্ট কবি,সাহিত্যিক সকল উপস্থিত থাকে।


আজি উক্ত বঁ‌টা প্ৰদান অনুষ্ঠানত শৰ্মিষ্ঠা প্ৰীতম জীৱনৰ বিভিন্ন ঘটনা ,পৰিঘটনাৰ বিষয়ে আলোকপাত কৰি তেখেতলৈ আগবঢ়োৱা এই বঁ‌টাৰে সমাজলৈ এক বিশেষ বাৰ্তা প্ৰেৰণ হোৱাৰ কথা উল্লেখ কৰে।উক্ত অনুষ্ঠানত বিশিষ্ট সাংবাদিক শংকৰ গোহাঞিয়ে কৃষ্ণ গহ্বৰ কথাৰে কয় যে উত্তৰ পুৰুষৰ মঞ্চই হেজাৰ খন হাতৰ শক্তিৰে মানুহৰ কাম কৰিলে ব্লেক হ'লৰ অন্ত পৰিব।বিশিষ্ট ঔপন্যাসিক অশ্বিনী বেজবৰুৱাই উত্তৰ পুৰুষৰ মঞ্চৰ বিভিন্ন বিষয়ৰ আলোকপাত কৰি মঞ্চই যে এদিন বিশ্বইতিহাসত নাম ৰাখিব পাৰিব তাকেই উল্লেখ কৰে।অনুষ্ঠানত সাংস্কৃতিক কৰ্মী নিৰেন চন্দ্ৰ বৈশ্যই সাংস্কৃতিক পৰিকাঠামোৰ ওপৰত উত্তৰ পুৰুষৰ ভৱিষ্যৎ কৰ্ম বিষয়ক বক্তৃতা প্ৰদান কৰে। অধুনালুপ্ত যাত্ৰাগানৰ অপ্ৰমাদী নাট্যশিল্পী নৰেশ্বৰ হালৈয়ে তাহানিৰ দিনৰ নাটৰ বিষয়ক আৱেগিক বক্তব্য প্ৰদান কৰে।

সম্বৰ্ধিত ব্যক্তিসকলক মঞ্চৰ আত্মিক  প্ৰতীক এটি বকুলৰ পুলি,গ্ৰন্থৰ টোপোলা,জাপি,মঞ্চৰ স্মাৰক আৰু মানপত্ৰ আদিৰ উপৰিও শৰ্মিষ্ঠা প্ৰীতমক নগদ পাঁ‌চহেজাৰ টকা,এটি সম্বৰ্ধনা স্মাৰক,এখন মানপত্ৰ আৰু বিভিন্ন দ্ৰব্যৰ লগতে এটি বকুল গছৰ পুলিৰে সম্বৰ্ধনা জনায়।
মঞ্চৰ মুখ্য সম্পাদক দিবাকৰ ৰেণুৰ ৰচিত আৰু শিল্পী নীলাক্ষি নেওগৰ সুৰোপিত মঞ্চৰ শীৰ্ষক সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটো আজি গুৱাহাটী প্ৰেছ ক্লাৱত অতি গাম্ভীৰ্যপূৰ্ণভাবে সামৰণি পৰে কবি নৱ ডেকাৰ "মই বিপ্লৱী,মই তাণ্ডৱী নামৰ কবিতা আবৃত্তিৰে।
প্ৰশংসনীয় বঁ‌টা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠানৰ দ্বাৰা উত্তৰ পুৰুষৰ মঞ্চই দেখুওৱা মহৎ কাৰ্য্যক বিদ্বান সমাজে সাধুবাদ দিছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা