বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দহ দিনীয়া "চাইকেল যাত্ৰা"

বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দহ দিনীয়া "চাইকেল যাত্ৰা" 

কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়া আৰু কা’ বাতিলৰ দাবী

বঙাইগাঁওঃ ৮ডিচেম্বৰঃ কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়া আৰু 'কা’ বাতিলৰ দাবীত  বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মঙলবাৰে দহ দিনীয়া "চাইকেল যাত্ৰা" কাৰ্যসূচী আৰম্ভ কৰে৷ বঙাইগাঁও জিলাৰ নৰ্থ বইটামাৰী হাইস্কুল খেলপথাৰৰ পৰা আৰম্ভ কৰা পাঁচ দিনীয়া "চাইকেল যাত্ৰা" কাৰ্যসূচীত বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মহীধৰ ৰায়,সাধাৰণ সম্পাদক নন্দন দেৱনাথকে ধৰি সংগঠনটোৰ জিলা,আঞ্চলিক পৰ্যায়ৰ নেতা কৰ্মীয়ে অংশ গ্ৰহণ কৰে৷চাইকেল যাত্ৰাৰ প্ৰাক্‌ক্ষণত কাৰ্যসূচীত অংশ গ্ৰহণ কৰা সকলে আমাক বৃহৎ নদীবান্ধ নালাগে, কৃষক নেতা অখিল গগৈক মুক্তি দিয়ক, কা আমি নামানো আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে৷ উল্লেখ্য যে চাইকেল যাত্ৰাৰ পূৰ্বে বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মহীধৰ ৰায়ে সংবাদ মাধ্যমৰ প্ৰতিনিধিৰ আগত কয় যে, বিজেপি নেতৃত্বাধীন কেন্দ্ৰ-ৰাজ্য চৰকাৰে কৃষকৰ বিৰুদ্ধে কাম কৰি আছে৷ চৰকাৰখনে কৃষক নেতা অখিল গগৈক চক্ৰান্তমূলক ভাৱে জেলত বন্দী কৰি ৰাখিছে৷ সেয়ে চাইকেল যাত্ৰাৰ সময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মকৰ্তা সকলে জিলাখনৰ গাঁৱে-ভূঞে,চুকে- কোনে থকা জনসাধাৰণৰ মাজত ভাৱ বিনিময় কৰি কাৰাবন্দী নেতা অখিল গগৈৰ মুক্তিৰ লগতে ২০২১ চনৰ সাধাৰণ নিৰ্বাচনত বিজেপিৰ চৰকাৰক ব্ৰহ্মপুত্ৰ নদীত দলিয়াই পেলোৱাৰ জনমত গঠন কৰিব বুলি প্ৰকাশ কৰে৷ আনহাতে সংগঠনটোৰ সাধাৰণ সম্পাদক নন্দন দেৱনাথে অসমীয়াৰ একমাত্ৰ জাতি- মাটিৰ কন্ঠ স্বৰূপ অখিল গগৈক চৰকাৰখনে নানা অজুহাত দেখুৱাই কাৰাগাৰত ৰাখি জনবিৰোধী কৃষক আইন আৰু 'কা’ বলবৎ কৰিব বিচাৰিছে বুলি অভিমত ব্যক্ত কৰে৷ লগতে বিজেপি চৰকাৰখনে গাৰ জোৰত আৰু সংখ্যাৰ বলত 'কা’আইন আনিছে যদিও আইনখন অসমৰ কোনো মানুহে মানিব নোৱাৰে বুলিও দেৱনাথে মত পোষণ কৰে৷ উল্লেখ্য যে সংগঠনটোৰ কৰ্মীসকলে যদিওবা দহদিনীয়া চাইল যাত্ৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ,প্ৰশাসনে পাঁচদিনৰ বাবেহে অনুমতি প্ৰদান কৰা বুলি জানিব পৰা গৈছে ৷ 

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা