নগাঁৱৰ শিঙাৰীত দিবা-নৈশ ভলীবল প্ৰতিযোগিতাৰ আয়োজন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৩ ডিচেম্বৰঃ নগাঁও জিলাৰ জুৰীয়াৰ সমীপৰ শিঙাৰী বজাৰ খেলপথাৰত অহা ৩১ ডিচেম্বৰত ৰামানুজন একাডেমীৰ উদ্যোগত আৰু নগাঁও জিলা সংখ্যালঘূ উন্নয়ণ ব’ৰ্ডৰ অধ্যক্ষ হবিবুৰ ৰহমানৰ সৌজন্যত এখনি দিবা-নৈশ ভলীবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ হিচাপে ৮০০১ টকা আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে ৫০০১ টকাৰ লগতে একোটাকৈ ট্ৰফি প্ৰদান কৰা হ’ব ৷ গতিকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা ইচ্ছুক প্ৰতিযোগী দলসমূহক ৮৬৩৮৫-৪৫৭৮৩ আৰু ৮৬৩৮৭-১৪৯২৫ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তা সমিতিৰ হৈ জহিৰুল ইছলাম আৰু ইক্ৰামুল হুছেইনে অনুৰুধ জনাইছে ৷
=================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা