ৰঙিয়াত কংগ্ৰেছৰ একতা-সদ্ভাৱনাৰ সংকল্প দিৱস উদযাপন

প্ৰতিবেদক, ৰঙিয়া, ২৮ ডিচেম্বৰঃ সমগ্ৰ দেশৰ লগতে ৰঙিয়াতো আজি দিনজোৰা কাৰ্যসূচীৰে  ভাৰতীয় জাতীয় কংগ্ৰেছৰ ১৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত  সংগতি ৰাখি একতা-সদ্ভাৱনাৰ দিৱস পালন কৰা হয়। কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ সৌজন্যত ৰঙিয়া ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত ৰঙিয়া ৰাজীৱ ভৱনত উদযাপন কৰা এই দিৱস উপলক্ষে এক জনসভাৰ আয়োজন কৰা হয়। ৰঙিয়া ব্লক কংগ্ৰেছৰ সভাপতি উদ্ধৱ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত  উদ্দেশ্য ব্যাখ্যা কৰে ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক পংকজ কলিতাই। সভাত কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি তথা প্ৰাক্তন বিধায়ক ঘনশ্যাম কলিতাই  কংগ্ৰেছ দলৰ ইতিহাস, ভাৰতৰ স্বাধীনতা আন্দোলনত দলৰ ভূমিকা লগতে  কংগ্ৰেছ দলৰ চৰকাৰৰ সময়ত  প্ৰবৰ্তন কৰা জনকল্যাণ মূলক আঁচনিসমূহ সমহ
 সন্দৰ্ভত বিতং  বক্তব্য দাঙি ধৰে। তেওঁ বিজেপি চৰকাৰৰ কাম কাজক তীব্ৰ সমালোচনা কৰি কয় যে দিল্লী দিছপুৰৰ বিজেপি চৰকাৰে ধাপ্পাত চলি আছে।  ২০২১ চনত কংগ্ৰেছ দলে ৰাজ্যত চৰকাৰ গঠন কৰিব বুলি তেওঁ নিশ্চয়তা প্ৰদান কৰে ।  সভাত  একতা-সদ্ভাৱনাৰ সংকল্পৰ শপত বাক্য পাঠ কৰায় ৰঙিয়া নগৰ ব্লক কংগ্ৰেছৰ সভাপতি মুৰতাজ ৰহমানে। সভাত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ প্ৰতি বিশ্বাস তথা আস্থা প্ৰকাশ কৰি  ৰঙিয়া থানাৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত  বিষয়া পৰমানন্দ কলিতাই জিলা কংগ্ৰেছৰ সভাপতি ঘনশ্যাম কলিতাৰ উপস্থিতিত কংগ্ৰেছ দলত যোগদান কৰে । সভাত  জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আয়নাল হক, ৰাজ বব্বৰ, সম্পাদক উজ্জ্বল লহকৰ, কামৰূপ জিলা এন এছ ইউ আইৰ সভাপতি চাকিল আহমেদ, ৰঙিয়া সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি কামাল আলী, ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক মিলন চৌধুৰী, ৰঙিয়া নগৰ যুৱ কংগ্ৰেছৰ সভাপতি ৰূপজ্যোতি চৌধুৰী, ৰঙিয়া গ্ৰাম্য মহিলা কংগ্ৰেছৰ সভানেত্ৰী নিলীমা বেগম সহ অন্যান্য দলীয় কৰ্মী  উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা