নগাঁৱৰ কাৱৈমাৰীত নিখিল অসম সমাজ কল্যাণ সমিতিৰ উদ্যোগত বৃক্ষৰোপন আৰু স্বচ্ছ ভাৰত অভিযান

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩০ ডিচেম্বৰঃ নগাঁও জিলাৰ কাৱৈমাৰীস্থিত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান আলহাজ হুছেইন আলী একাডেমীত স্বেচ্ছাসেৱী সংগঠন নিখিল অসম সমাজ কল্যাণ সমিতিৰ উদ্যোগত পৰিবেশ সজাগতাৰ উদ্দেশ্যে এক বৃক্ষৰোপণ আৰু স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হয় । একাডেমীৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক-অভিভাৱিকা আৰু একাংশ সচেতন ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই বৃক্ষৰোপন আৰু স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচীত স্বেচ্ছাসেৱী সংগঠনটোৰ সাধাৰণ সম্পাদক ৰাছিদ আহমেদে অংশ গ্ৰহণ কৰি গছ-গছনি থাকিলেহে আমি সকলোৱে জীয়াই থাকিব পাৰিম । পৰিবেশ সংৰক্ষণ কৰা আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য। বৰ্তমান সময়ত একাংশ দুষ্ট প্ৰকৃতিৰ লোকে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে অবাধে বনাঞ্চল ধ্বংস কৰি গোটেই মানৱ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে। এই ক্ষেত্ৰত সকলোৱে সজাগ আৰু সচেতন হব লাগিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। স্থানীয় অঞ্চলৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত সংগঠনটোৰ বিষয়-ববীয়াই একাডেমী প্ৰাংগনত বৃক্ষৰোপণ কৰাৰ লগতে স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী গ্ৰহণ কৰে । উল্লেখ্য যে, এই স্বেচ্ছাসেৱী সংগঠনটোৰ উদ্যোগত বিগত সময়চোৱাত বৃহত্তৰ গ্ৰামাঞ্চলত দৰিদ্ৰ পৰিয়ালক আৰ্থিক সাহাৰ্য্য প্ৰদান, সমাজৰ কুসংস্কাৰ সমুহৰ বিৰুদ্ধে সজাগতা সভা, নাৰী সৱলীকৰণ, বিনামূলীয়া পাঠদান শিবিৰ আদিৰ দৰে বিভিন্ন সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰি আহিছে

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা