দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ প্ৰস্তুতি

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩০ ডিচেম্বৰঃ নগাওঁ জিলাৰ দক্ষিণ-পশ্চিম প্ৰান্তৰ অন্যতম পুৰণি শিক্ষানুষ্ঠান হৈছে দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয় ৷ দেশৰ স্বাধীনতাৰ পূৰ্বেই ১৯৪৬ চনৰ কোনো এক শুভ ক্ষণত বহুকেইজন বিশিষ্ট নাগৰিকৰ ঐকান্তিক আৰু আশাশুধীয়া প্ৰচেষ্টাত প্ৰতিষ্ঠা লাভ কৰিছিল এই শিক্ষানুষ্ঠানখন ৷ প্ৰতিষ্ঠা কালৰে পৰা বৃহত্তৰ অঞ্চলটোৰ নৱ প্ৰজন্মক সু-শিক্ষাৰে শিক্ষিত কৰি তোলাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি অহা এই শিক্ষানুষ্ঠানখনে ২০২১ বৰ্ষত সগৌৰৱে ৭৫ বছৰত ভৰি দিব ৷ সেয়ে এনে এক শুভ ক্ষণত বিদ্যালয় কৰ্তৃপক্ষই শিক্ষানুষ্ঠানখনৰ গৌৰৱময় অতীতক সোঁৱৰি ইয়াৰ মহাৰজত জয়ন্তী উৎসৱ উদযাপনৰ নিমিত্তে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে ৷ ইয়াৰ অংশ হিচাপে সোমবাৰে বিদ্যালয়ৰ সভাকক্ষত বিদ্যালয়ৰ অধ্যক্ষ গকুল চন্দ্ৰ দাসৰ পৌৰহিত্যত এখনি সভা অনুষ্ঠিত কৰা হয়। বিদ্যালয়খনৰ সহকাৰী শিক্ষক লৱ কান্ত শৰ্মাই উদ্দেশ্য বাখ্যা কৰা এই গাম্ভীৰ্যপূৰ্ণ সভাখনিত বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক, শুভাকাংক্ষী আৰু বৰ্তমানৰ কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰীসহ প্ৰায় শতাধিক লোক উপস্থিতি থাকে। এই সভাতেই সৰ্বসন্মতিক্ৰমে গকুল চন্দ্ৰ দাসক মুখ্য আহ্বায়ক হিচাপে লৈ ২১ জনীয়া এখনি আহ্বায়ক সমিতি গঠন কৰা হয় ৷ তদুপৰি মহাৰজত জয়ন্তী উৎসৱ উদযাপনৰ মূল সমিতি আৰু ইয়াৰ অধীনত বিভিন্ন উপ-সমিতিবোৰ গঠন কৰাৰ উদ্দেশ্যে অহা ২৪ জানুৱাৰীত এই আহ্বায়ক সমিতিৰ আহ্বানত এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহন কৰা হয় ৷
==================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা