বঙাইগাঁৱত অগপৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ দূৰ্গত খহনীয়া

ডাংতল গাঁও পঞ্চায়তৰ নিৰ্বাচিত সভানেত্ৰী , উপ সভাপতি ,আঞ্চলিক সদস্যাসহ আঠ গৰাকী সদস্যৰ সমূহীয়া পদত্যাগ 

অসম জাতীয় পৰিষদ যোগদান 

দলত্যাগ কৰিলে আন কেইবাজনেও 

বঙাইগাঁওঃ ২৭ ডিচেম্বৰঃ অসম গণ পৰিষদ দলৰ দূৰ্গ হিচাপে পৰিচিত তথা দলটোৰ জ্যেষ্ঠ নেতা , বিধায়ক আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ দখলত থকা বঙাইগাঁও বিধান সভা সমষ্টিত শেহতীয়াকৈ দলটোত খহনীয়াৰ আৰম্ভণি হৈছে ৷ দল ত্যাগ কৰিলে অগপৰ দখলত থকা গাঁও পঞ্চায়তৰ সভানেত্ৰী ,আঞ্চলিক পঞ্চায়তৰ সদস্যাৰ লগতে ছয়গৰাকী সদস্য তথা অগপ ,যুৱ পৰিষদৰ জিলাৰ পৰা আঞ্চলিক সমিতিৰ বিভিন্ন বিষয়বাবত কাৰ্যনিৰ্বাহ কৰা কেইবাগৰাকীও প্ৰাক্তন বিষয়ববীয়াই ৷ অগপ দল ত্যাগ কৰাসকলে যোগদান কৰিলে নতুনকৈ গঠন হোৱা অসম জাতীয় পৰিষদত ৷ অগপৰ দূৰ্গত এইদৰে অসম বিধান সভা নিৰ্বাচনৰ পূৰ্বে হঠাৎ দলটোত খহনীয়া আৰম্ভ হোৱা বিষয়টোৱে বাকী ৰাজনৈতিক দলবোৰক উৎসাহী কৰি তুলিছে ৷ উল্লেখ্য যে অগপ দল ত্যাগ কৰাসকলে শনিবাৰে দলটোৰ টেঙাইগাঁও আঞ্চলিক সমিতিৰ সভাপতিলৈ দিয়া পদত্যাগ পত্ৰত অসম গণ পৰিষদৰ নেতৃবৰ্গৰ ৰাষ্ট্ৰীয়তাবাদী চিন্তা ধাৰা আৰু 'কেব'ৰ  পৰা 'কা' লৈ দলটোৰ নেতা তথা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে কন্দা - কটাৰ নাটক কৰি কৰ্মীসকলৰ লগতে  জনসাধাৰণক বিপথে পৰিচালনা কৰিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰে ৷ একেদৰে কৰ্মীসকলক গুৰুত্ব নিদি কেৱল নিজৰ ৰাজনৈতিক স্বাৰ্থত  নিৰ্বাচনৰ আগমুহূৰ্তত কৰ্মীসকলক ব্যৱহাৰ কৰিব বিচাৰে বুলিও অভিযোগ উত্থাপন কৰে আৰু সেয়ে ফণীভূষণ চৌধুৰীৰ একনায়কত্ববাদৰ প্ৰতিবাদত অগপ কৰ্মীসকলে দলটোৰ প্ৰাথমিক সদস্য পদ আৰু বিষয়বাবৰ পৰা পদত্যাগ কৰা বুলি উল্লেখ কৰিছে ৷ অগপ দলৰ পৰা পদত্যাগ কৰা সকলৰ ভিতৰত বৰ্তমান অগপৰ দখলত থকা বঙাইগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত ডাংতল গাঁও পঞ্চায়তৰ সভানেত্ৰী মহিলা সিংহ ,আঞ্চলিক পঞ্চায়তৰ সদস্যা দময়ন্তী সিংহ , গাঁও পঞ্চায়তখনৰ উপ সভাপতি দন্দেশ্বৰ বৰ্মন , পঞ্চায়তখনৰ সদস্যা ইন্দিৰা চৌধুৰী ,জোনালী চৌধুৰী ,চন্দ্ৰাৱতী সিংহ , অনিমা পাঠক আৰু জ্যোৎস্না সূত্ৰধৰো আছে ৷ উল্লেখ্য যে ডাংতল গাঁও পঞ্চায়তৰ সভানেত্ৰী ,উপ সভাপতি, আঞ্চলিক পঞ্চায়তৰ সদস্যা আৰু গৰিষ্ঠ সংখ্যক সদস্যাই অগপ দল ত্যাগ কৰাত এতিয়া গাঁও পঞ্চায়তখন অগপই হেৰুৱাবলগীয়া হ'ল ৷ আনহাতে অগপ দল ত্যাগ কৰা পঞ্চায়ত প্ৰতিনিধিসকলে অসম জাতীয় পৰিষদত যোগদান কৰাত পঞ্চায়তখন নতুন দলটোৰ দখললৈ যোৱা বুলি ক'ব পাৰি ৷ ৰাজ্যখনৰ ভিতৰত হয়তো এইদৰে নিৰ্বাচিত পঞ্চায়ত এখনৰ গৰিষ্ঠ সংখ্যক প্ৰতিনিধিয়ে সমূহীয়াভাৱে এটা ৰাজনৈতিক দলৰ পৰা পদত্যাগ কৰি নতুন এটা ৰাজনৈতিক দলত যোগদান কৰা ঘটনা বিৰল ৷ অগপ দলৰ পৰা এই পঞ্চায়ত প্ৰতিনিধিসকলৰ লগতে অসম যুৱ পৰিষদৰ বঙাইগাঁও জিলা সমিতিৰ প্ৰাক্তন সভাপতি, সম্পাদক , কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য তথা
অগপৰ বঙাইগাঁও জিলা সমিতিৰ প্ৰাক্তন সম্পাদক আৰু ডাংতল গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি পদত কাৰ্যনিৰ্বাহ কৰা বিনয় চন্দ্ৰ ৰায়, বঙাইগাঁও জিলা যুৱ পৰিষদৰ প্ৰাক্তন সহকাৰী সম্পাদক জীৱন বৰ্মন, অগপৰ টেঙাইগাঁও আঞ্চলিক সমিতিৰ প্ৰাক্তন সাংগঠনিক সম্পাদক দিলীপ চৌধুৰীয়েও পদত্যাগ কৰে ৷ দল ত্যাগ কৰে আন কেইবাজনেও ৷ ইপিনে অগপ দল ত্যাগ কৰাসকলে দেওবাৰে গুৱাহাটীত আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদত যোগদান কৰে ৷ বিনয় চন্দ্ৰ ৰায়ৰ নেতৃত্বত পদত্যাগ কৰা পঞ্চায়ত প্ৰতিনিধি তথা আনসকলৰ লগতে  বঙাইগাঁও মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি ধনজিৎ পাঠক ,আটুগাঁও পঞ্চায়তৰ কুঞ্জমোহন ৰায় , টেঙাইগাঁৱৰ যুৱ পৰিষদৰ প্ৰাক্তন সদস্য ভূপেন সিংহ , মুক্তাৰাম চৌধুৰী ,ৰাজীৱ সিংহ, হৃদয়জ্যোতি সিংহ ,দীনেশ সিংহ, মূলাগাঁও পঞ্চায়ত এলেকাৰ কৃপা ৰায় আৰু অকন বৰ্মনসহ ২০ জনে গুৱাহাটীত অসম জাতীয় পৰিষদত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷ আনহাতে মূলাগাঁও গাঁও পঞ্চায়ত এলেকাৰ যুৱ ব্যৱসায়ী বিনয় ৰায় , জেল্কাঝাৰ গাঁও উন্নয়ন সমিতিৰ উপদেষ্টা সাহেন চন্দ্ৰ ৰায় আৰু মূলাগাঁও গাঁও পঞ্চায়তৰ প্ৰাক্তন সদস্য ভৱেন ৰায়েও অসম জাতীয় পৰিষদত দেওবাৰে যোগদান কৰাৰ কথা আছিল যদিও পৰৱৰ্তী সময়ত দলত যোগদান কৰাটো নিশ্চিত বুলি জানিব দিছে বিনয় চন্দ্ৰ ৰায়ে ৷ বিশেষ অসুবিধাৰ বাবে তিনিওজনে গুৱাহাটীৰ যোগদান কাৰ্যসূচীত উপস্থিত থাকিব নোৱাৰিলে যদিও তেঁওলোকে বঙাইগাঁৱত দলটোত যোগদান কৰিব বুলিও কয় ৷ উল্লেখ্য যে সুদীৰ্ঘ সাতটাকৈ বিধান সভা নিৰ্বাচনত জয়ী হৈ অগপ বিধায়ক ফণীভূষণ চৌধুৰীয়ে বঙাইগাঁও বিধান সভা সমষ্টিটো নিজৰ দখলত ৰাখিছে যদিও বিধায়কগৰাকীৰ প্ৰতি ক্ৰমাৎ জনসাধাৰণৰ যেন আস্থা নাইকিয়া হ'ব ধৰিছে ৷ জনসাধাৰণে এখন নতুন মুখৰ সন্ধানত আছে যদিও ৰাইজৰ প্ৰিয়ভাজন হ'ব পৰা নাই আন দলৰ প্ৰাৰ্থীসকল ৷ যাৰ ফলত শেষ মুহূৰ্তত ফণীভূষণ চৌধুৰীয়ে নিৰ্বাচনত জয়ী হৈ আহিছে ৷ বিগত বিধান সভা নিৰ্বাচনত বিধায়কগৰাকী কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল যদিও অগপ - বিজেপিৰ মিত্ৰতা হোৱাত বিধায়কগৰাকীৰ বিজয়ৰ পথ সহজ হৈ পৰে ৷ এইবাৰ গঠন হৈছে নতুন নতুন ৰাজনৈতিক দল ৷ এই দলবোৰে বঙাইগাঁৱত কি প্ৰভাৱ বিস্তাৰ কৰে বা দলবোৰৰ সাংগঠনিক ভেঁটি কিমান সুদৃঢ় ৰূপত গঢ়ি তুলিব পাৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব বৰ্তমানৰ বিধায়কগৰাকীক প্ৰত্যাহ্বান জনাব পাৰিব নে নোৱাৰে ৷ কিন্তু ৰাজ্যৰ আঞ্চলিকতাবাদী ৰাজনীতিৰ অক্ষত দূৰ্গ হিচাপে পৰিচিত বঙাইগাঁও বিধান সভা সমষ্টিৰ অগপ দলৰ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিয়ে সমূহীয়াভাৱে দল ত্যাগ কৰি অসম জাতীয় পৰিষদ যোগদান কৰা বিষয়টিয়ে দলটোৰ ভিতৰ চ'ৰাত যে অন্তকন্দল চলি আছে তাকে প্ৰমাণ কৰিলে ৷ লগতে দলটোৰ বাবে এয়া এক অশুভ সংকেট কঢ়িয়াই আনিছে ৷ 


প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা