গোৱালপাৰাৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীসূৰ্য পাহাৰ মহাপীঠস্থান চৌহদত বনভোজ নিষিদ্ধ

গোৱালপাৰা জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীসূৰ্য পাহাৰ মহাপীঠস্থান চৌহদত বনভোজ নিষিদ্ধ ঘোষণা কৰিছে মহাপীঠস্থান পৰিচালনা সমিতিয়ে ৷ আজি এক সংবাদ মেলৰ জৰিয়তে এই কথা ঘোষণা কৰে পৰিচালনা সমিতিয়ে ৷ প্ৰণিধানযোগ্য যে, উত্তৰ পূৰ্বাঞ্চলৰ ইলোৰা,দ্বিতীয় কাশীধাম হিচাপে অভিহিত শ্ৰীসূৰ্য পাহাৰ মহাপীঠখন হিন্দুু,জৈন আৰু বৌদ্ধ এই তিনিটা ধৰ্মৰে উমৈহতীয়া তীৰ্থস্থান ৷ যাৰ পৰিপ্ৰেক্ষিতত মহাপীঠস্থান খনত এক আধ্যাত্মিক পৰিবেশ বৰ্তাই ৰখাতো নিতান্তই প্ৰয়োজন ৷ আনহাতে পাহাৰ খনৰ চতুৰ্দিশে বনৰীয়া হাতী,বান্দৰ,বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকতিৰ বসতিস্থল ৷ তেনেস্থলত বনভোজকাৰীৰ দলে উচ্চগ্ৰামত বজোৱা গান বাজনা তথা বিশৃংখল হাই উৰুমিয়ে তীৰ্থস্থানখনৰ পৰিবেশ বিনষ্ট কৰাৰ যথেষ্ট থল আছে ৷ ইফালে, বনভোজকাৰী সকলে সততে ব্যৱহাৰকৰা আমিষ খাদ্যৰ বাবেও তীৰ্থস্থানখনৰ আধ্যাত্মিকতাত প্ৰভাব পৰে বুলি বিবেচনা কৰিছে মহাপীঠস্থান পৰিচালনা সমিতিয়ে ৷ সেয়ে আগন্তুক ১৫ ডিচেম্বৰৰ পৰা শ্ৰীসূৰ্য পাহাৰ মহাপীঠ চৌহদত বনভোজ সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰা হৈছে ৷ অৱশ্যে দৰ্শনাৰ্থী,ভ্ৰমণকাৰী তথা পৰ্যটকৰ বাবে তীৰ্থস্থান খনৰ দুৱাৰ সদায় খোলা থাকিব ৷ দূৰ দূৰণিৰ দৰ্শনাৰ্থীয়ে প্ৰয়োজনবোধে নিৰামিষ আহাৰো গ্ৰহণ কৰিব পাৰিব বুলি শ্ৰীসূৰ্য মহাপীঠস্থান পৰিচালনা সমিতিয়ে আজিৰ সংবাদ মেল যোগে জানিবলৈ দিছে ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,First News Report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা