ৰঙিয়াত ভাৰত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

প্ৰতিবেদক, ৰঙিয়া, ৮ ডিচেম্বৰঃ কৃষি আইনৰ বিৰোধিতা কৰি কৃষি আইন বাতিলৰ দাবীত আজি কৃষকসকলে আহ্বান কৰা ভাৰত বন্ধৰ প্ৰভাৱ সমগ্ৰ দেশৰ লগতে ৰঙিয়াতো সৰ্বাত্মক দেখিবলৈ পোৱা গৈছিল ।ৰঙিয়াৰ চহৰৰ ৰাজপথৰ উপৰি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন চলাচল বন্ধ আছিল যদিও ব্যক্তিগত দুই-এখন সৰু যান-বাহন চলাচল কৰা দেখা গৈছিল । মহকুমাটোৰ বেংক, স্কুল, কলেজ, দোকান পোহাৰ বেচৰকাৰী কাৰ্যালয়বোৰ সম্পূৰ্ণ বন্ধ আছিল। চৰকাৰী কাৰ্যালয় সমূহ খোলা আছিল যদিও কৰ্মচাৰীৰ উপস্থিত সেৰেঙা লগতে কোনো জনসাধাৰণক কাৰ্য্যালয়ত দেখা নগৈছিল। মহকুমাটোৰ বিশেষকৈ ৰঙিয়া চহৰত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ, চিপিআই (এম), কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও। ৰঙিয়া টাউনত কামৰূপ জিলা কংগ্ৰেছ কমিটীৰ সভাপতি তথা প্ৰাক্তন সংসদীয় সচিব ঘনশ্যাম কলিতাৰ নেতৃত্বত ব্লক কংগ্ৰেছৰ সভাপতি উদ্ধৱ দাস, নগৰ ব্লক কংগ্ৰেছৰ সভাপতি মুৰতাজ ৰহমান, সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি কামাল আহমেদ, জিলা কংগ্ৰেছৰ উপ সভাপতি আবুবক্কৰ ছিদ্দিক, জিলা কংগ্ৰেছৰ সম্পাদক উজ্জ্বল লহকৰ, আইনাল হক, লোকসভা যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাজবব্বৰ সহ কেইবাগৰাকী কৰ্মীয়ে টাউনত সমদল উলিয়াই। আনহাতে বাওঁপন্থী নেতা সকলে কৃষক বিৰোধী কৃষি আইনৰ বিৰুদ্ধে দেশজোৰা কৃষক বিদ্ৰোহলৈ সংহতি জ্ঞাপন কাৰ্যসূচীৰ অংশ হিচাপে ৰঙিয়াত চৰকাৰ বিৰোধী বিভিন্ন শ্লগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ।এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাইজৰ দলৰ নেতা হৰেশ্বৰ বৰ্মন, বাওঁপন্থী নেতা বীৰেন শৰ্মা, বিবেকানন্দ অধিকাৰী, নৃপেন নাথ, কৰুণা কান্ত ভূঞা, বাসুদেৱ কলিতা, কৰুণা বনিয়া, কাশ্যপ চৌধুৰী, ছাত্ৰ মুক্তিৰ নেতা, ছিৰাজ আলী প্ৰমুখ্যে শতাধিক কৰ্মকৰ্তাই।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা