ধিঙত দিল্লীৰ কৃষক বিদ্ৰোহৰ প্ৰতি সংহতিৰে উত্তাল প্ৰতিবাদ≈≈কেন্দ্ৰীয় চৰকাৰক সমালোচনা প্ৰতিবাদকাৰীৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩ ডিচেম্বৰঃ দিল্লীত অব্যাহত থকা নজিৰ বিহীন কৃষক বিদ্ৰোহৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাই বৃহস্পতিবাৰে নগাঁও জিলাৰ ধিঙত পালন কৰা হয় কৃষক সংহতি ধৰ্ণা। সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা, কৃষক গৰিৱ ন্যায় সন্থা আৰু ধিং দুৰ্নীতি বিৰোধী সন্থাৰ যৌথ উদ্যোগত কৃষক বিৰােধী আইন বাতিল কৰা, ভূমি জৰীপ আৰু পট্টা প্রদান কৰা, কৃষিক্ষেত্র পুঁজিপতিক গটাই দিয়াৰ চক্রান্ত বন্ধ কৰা, ই আই এ-২০২০ বাতিল কৰা, থলুৱা কৃষকৰ ভূমি অধিগ্রহন বন্ধ কৰা, উৎপাদন খৰছৰ লগত ডেৰ গুণ যােগ কৰি কৃষকৰ উৎপাদিত ফচলৰ সমর্থন মূল্য ঘােষনা কৰা আদি দাবীত প্ৰায় শতাধিক প্ৰতিবাদকাৰীৰ প্ৰতিবাদেৰে উত্তায়ল হৈ পৰে ধিঙৰ বিলটিয়া চাৰিআলি। উল্লেখ্য, দিল্লীৰ মছনদ কপাই তোলা তথা ঐতিহাসিক কৃষক বিদ্ৰোহলৈ ৰূপান্তৰ ঘটা কৃষক বিদ্ৰোহৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়োৱা সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ সাধাৰণ সম্পাদক অৰূপ মহন্তই প্ৰতিবাদস্থলীত উপস্থিত থাকি স্বৈৰাচাৰী ৰাষ্ট্ৰ যন্ত্ৰক কৃষক বিদ্ৰোহৰ ওচৰত আত্ম সমৰ্পন কৰি কৃষকৰ ন্যায্য দাবী পুৰণেৰে কৃষি আইন বাতিল কৰাৰ দাবী জনোৱাৰ উপৰিও কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে। কৃষক গৰিৱ ন্যায় সন্থাৰ উপদেষ্টা মুস্তাফা ছালিম আহমেদে আঁত ধৰা এই প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ ধিং দুৰ্নীতি বিৰোধী সংস্থাৰ জামাল উদ্দীন, আব্দুল নাচিৰ, মহিদুল ইছলাম, সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ অন্যতম নেত্ৰী  আয়েফা বেগমে চৰকাৰৰ ভুমিকাক তীব্ৰ সমালোচনা কৰে। ইফালে, অহা ৬ ডিচেম্বৰ লৈকে জিলা খনৰ বিভিন্ন প্ৰান্তত এনে কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি গ্ৰামীণ শ্ৰমিক সন্থাৰ নেতা অৰূপ কুমাৰ মহন্ত জানিবলৈ দিছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা