শালবাৰীত সংবাদমেলৰ ইউ পি পি এলৰ মুখপাত্ৰ ককলাবাৰীত পোন্ধৰ হাজাৰ - গয়বাৰীত দহ হাজাৰ ভোটৰ ব্যৱধানত জয় হ'ব প্ৰমোদ বড়ো

 বাক্সা - ওডালগুৰীত ২১ টা সমষ্টিত ইউ পি পি এলৰ বিজয় নিশ্চিত 

সঞ্জীৱ দাস, বজালী/শালবাৰী, ৮ ডিচেম্বৰঃ সোমবাৰে সমাপ্ত হোৱা বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত বাক্সা আৰু ওডালগুৰি জিলাৰ ২১ টা সমষ্টিত হিলদোল ভাঙি ওলাই আহি সকলো জনগোষ্ঠীৰ ৰাইজে ইউ পি পি এল দলক ট্ৰেক্টৰৰ ছবিত ভোট দিলে।  ২১ টা সমষ্টিতেই ইউ পি পি এলৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত । ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱে প্ৰতিদ্বন্দ্বিতা কৰা ককলাবাৰী সমষ্টিত পোন্ধৰ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত আৰু গয়বাৰী সমষ্টিত দহ হেজাৰৰো অধিক ভোটৰ ব্যৱধানত জয় হব । এইদৰে মন্তব্য কৰি দাবী কৰে ইউ পি পি এলৰ কেন্দ্ৰীয় মুখপাত্ৰ ধীৰাজ ডেকাই । আজি শালবাৰীৰ ইউ পি পি এলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত মুখপাত্ৰ ধীৰাজ ডেকাই কয় যে - ১০ ডিচেম্বৰত হব লগা দ্বিতিয় পৰ্যায়ৰ নিৰ্বাচনত কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ১৯ টা সমষ্টিতেই ইউ পি পি এলৰ প্ৰাৰ্থী বিপুল ভোটত জয়ী কৰাৰ বাবে সাজু হৈছে । কাৰণ বিগত সময়ছোৱাত দুৰ্নীতি, ভ্ৰষ্টাচাৰ , অপশাসন আদিৰ পৰিবৰ্তনৰ বাবে ওডালগুৰী আৰু বাক্সা জিলাৰ ভোটাৰ ৰাইজে ইউ পি পি এলক ভোট দিলে আৰু কোককৰাঝাৰ আৰু চিৰাং জিলাৰ ১৯ টা সমষ্টিটো সকলো জাতি- জনগোষ্ঠীৰ ভোটৰ ৰাইজে ইউ পি পি এলক ভোটদান কৰিব । ইয়াৰ বাবে দলটোৰ হৈ মই ৰাইজলৈ মুকলি আহ্বানো জনাইছোঁ‌ । আৰু পোন্ধৰ ডিচেম্বৰত ইউ পি পি এল দলে এখন নতুন চৰকাৰ গঠন কৰি বিটিআৰৰ সকলো জাতি- জনগোষ্ঠী ৰাইজৰ মাজত ন্যায় আৰু উন্নয়নৰ যাত্ৰা আৰম্ভ কৰিব । ইতিমধ্যে বিটিআৰ চুক্তি সাক্ষৰিত হোৱাৰ পিছৰে পৰা বিটিআৰত আৰম্ভ হৈছে এক শান্তিৰ যাত্ৰা । আৰু কালি বিটিআৰৰ ২১ টা সমষ্টিৰ ৰাইজে হিলদোল ভাঙি  ইউ পি পি এলক ভোট দি বিটিআৰত আৰম্ভ কৰিলে সমন্বয় আৰু সংকল্পৰ যাত্ৰা । যাৰ বাবে প্ৰমোদ বড়োৰ নেতৃত্বত থকা ইউ পি পি এল দলৰ ভিন্ন পৰ্যায়ৰ বিষয়ববীয়া সমিতি , বিষয়ববীয়াই সকলো জাতি- জনগোষ্ঠী ৰাইজক মুকলিভাৱে অভিনন্দন জনাইছোঁ । বিশেষভাৱে ৰাইজক এইবাবে ধন্যবাদ জনাব যে বিপিএফৰ বাহুবল, ধনবল আৰু জিএছপি দলৰ আবেগিক, সাম্প্ৰদায়ি ৰাজনীতি ওফৰাই দি এক নতুন সংকল্প গ্ৰহনেৰে কালি প্ৰথম পৰ্যায়ত ভোটগ্ৰহণত ৰাইজে ইউ পি পি এলক ভোট দিলে লগতে দহ ডিচেম্বৰতো একেই সিদ্ধান্ত গ্ৰহণ কৰিব কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ভোটাৰ ৰাইজে । সংবাদমেলত ধীৰাজ ডেকাই লগতে কয় যে বিটিআৰত শান্তি, সমন্বয় , উন্নয়ন , পৰিবৰ্তনৰ সংকল্প যাত্ৰাত ইউ পি পি এল চৰকাৰ - দলৰ বিষয়ববীয়া আৰু ৰাইজে একেলগে অংশগ্ৰহণ কৰিব । সংবাদমেলত শালবাৰী সমষ্টিৰ প্ৰাৰ্থী বিনোদ মছাহাৰীয়ে বিপুল ভোটত তেওঁৰ বিজয় নিশ্চিত কৰে । আজিৰ সংবাদমেলত ধীৰাজ ডেকা, বিনোদ মছাহাৰীৰ লগতে উপস্থিত থাকে কেন্দ্ৰীয় নেতৃবৃন্দৰ লগতে কনক চন্দ্ৰ বড়ো, সুৰেশ সৰকাৰ, প্ৰদীপ সৰকাৰ , ইয়াদ আলী, আবু তাহেৰ , মুকুন্দ দাস আদিয়ে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা