মিলিজুলি সংঘৰ ফুটবলত ৰঙিয়া এফ চি চেম্পিয়ন

প্ৰতিবেদক , ৰঙিয়া, ২০ ডিচেম্বৰঃ
জয়ন্তীপুৰ পীতাম্বৰ মিলিজুলি সংঘৰ সৌজন্যত পীতাম্বৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজি অনুষ্ঠিত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত খেলত ৰঙিয়া এফ চিয়ে চুড়ান্ত খিতাপ অৰ্জন কৰে। ঢোলকুছি সত্যকাম সংঘ আৰু ৰঙিয়া এফ চিৰ মাজত অনুষ্ঠিত উত্তেজনাময় চুড়ান্ত খেলত ১—১ গলত অমীমাংসিত হৈ থকাত টাইব্ৰেকাৰ পদ্ধতিত ৰঙিয়া এফ চিয়ে ৪—৩ গলত ঢোলকুছি সত্যকাম সংঘক পৰাস্ত কৰি চেম্পিয়ন খিতাপ পাবলৈ সক্ষম হয়।আনহাতে চুড়ান্ত খেলত শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে ঢোলকুছি সত্যকাম সংঘৰ খেলুৱৈ যদু ৰাম দাসে। খেলখন পৰিচালনা কৰে ৰেফাৰী বাহাৰুল ইছলাম, দিপক বুজৰবৰুৱা, ৰিজুল হক চৌধুৰী আৰু হাৰেজুৰ ৰহমানে।

প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments