তিৱা পৰিষদৰ বৰছিলাত কংগ্ৰেছ বিশাল ৰেলী≈≈বাইক চলাই গৌৰৱ-ৰকিবুলৰ ভোট ভিক্ষা

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৫ ডিচেম্বৰঃ তিৱা স্বায়ত্ত্ব পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্তিম দিনা পৰিষদৰ ১৯ নং বৰছিলা সমষ্টিত কংগ্ৰেছ দলে বিশাল ৰেলীৰে চমক সৃষ্টি কৰিবলৈ সক্ষম হয় ৷ পুৱা ১১ বজাত বৰছিলা চাৰিআলিত শুভাৰম্ভ হোৱা ৰেলীটি সমষ্টিটোৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি দলীয় প্ৰাৰ্থী ধৰ্মেন্দ্ৰ নাথ বৰদলৈৰ সমৰ্থনত তীব্ৰ প্ৰচাৰ চলায় ৷ প্ৰায় পাঁচ শতাধিক মটৰ চাইকেল আৰু সৰু গাড়ীৰে উলিওৱা ৰেলীত কলিয়াবৰ লোকসভাৰ সাংসদ গৌৰৱ গগৈ, প্ৰাক্তন মন্ত্ৰীদ্বয় গৌতম বৰা, ৰকিবুল হুছেইন, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা শিৱামনি বৰাকে প্ৰমুখ্য কৰি যুৱ কংগ্ৰেছ, এন এছ ইউ আই, মণ্ডল কংগ্ৰেছ, মহিলা কংগ্ৰেছ আৰু সেৱা দলৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে ৷ চমক সৃষ্টিকাৰী এই ৰেলীৰ সন্মুখত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে এখন স্কুটীত পিছত সাংসদ গৌৰৱ গগৈক বহুৱাই লৈ পৰিষদৰ বৰছিলা সমষ্টিৰ কেইবা কিলোমিটাৰ পৰিভ্ৰমণ কৰি ৰাইজৰ মাজত ভোট ভিক্ষা মাগে ৷ ইয়াৰ পূৰ্বে জাজৰিৰ শিমলুতলত দলংঘাট ব্ল’ক কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনটি আনুষ্ঠানিকভাবে শুভ উদ্বোধন কৰে সাংসদ গৌৰৱ গগৈয়ে ৷ ইফালে, বিয়লি সমষ্টিটোৰ গা-খজোৱা নাট্য মন্দিৰত অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী গোপেশ্বৰ বৰদলৈৰ সমৰ্থনত অনুষ্ঠিত হোৱা এখনি নিৰ্বাচনী সভাত স্থানীয় বিধায়িকা আঙুৰলতা ডেকাই অংশগ্ৰহণ কৰি দলৰ সমৰ্থিত প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ সমষ্টিবাসীক আহ্বান জনায় ৷ ভাষণ প্ৰসংগত বিধায়িকাগৰাকীয়ে কয় যে- সকলোতে এতিয়া পদুম ফুলৰ সুৱাস বিয়পি আছে ৷ সেয়ে সৰ্বত্ৰে বিজেপিৰ জয়জয় ময়ময় অৱস্থাত সকলোকে নিজৰ বহুমূলীয়া ভোটটি কংগ্ৰেছক দি অথলে নোযোৱাবলৈ আহ্বান জনায় ৷
====================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা