গ্ৰাম্যাঞ্চলৰ মহিলাৰ বাবে লায়ন্স ক্লাবৰ 'আত্ম নিৰ্ভৰ' কাৰ্যসূচী


ষ্টাফ ৰিপৰ্টাৰ,,,২৮ ডিচেম্বৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্ম নিৰ্ভৰ কাৰ্যসূচী বাস্তৱত ৰূপায়িত কৰাৰ বাবে লায়ন্স ক্লাব গুৱাহাটীয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। গ্ৰাম্যাঞ্চলৰ মহিলা সকলক স্বাৱলম্বী কৰাৰ বাবে লায়ন্স ক্লাব গুৱাহাটীয়ে আত্ম নিৰ্ভৰ এক কাৰ্যসূচী হাতত লৈছে। উক্ত কাৰ্যসূচীৰ অংশ হিচাপে আজি মহানগৰীৰ পাৰ্শ্বৱৰ্তী ক্ষেত্ৰীৰ ৰবিন গাওঁত লায়ন্স ক্লাব গুৱাহাটীয়ে মহিলাৰ বাবে বিনামূলীয়া চিলাই প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰে। এই কেন্দ্ৰটো আজি লায়ন্স ইন্টাৰনেছনেলচ্ ডিষ্ট্ৰিক ৩২২ জি, ডিষ্ট্ৰিক গৱৰ্ণৰ ৰাজকুমাৰ ৰিংগানিয়া আৰু লায়ন্স ডিষ্ট্ৰিক ফাষ্ট লেডি অনিতা ৰিংগানিয়াই  কঅনুষ্ঠানিক ভাৱে মুকলি কৰে। ছমাহ চিলাই প্ৰশিক্ষণ গ্ৰহণৰ অন্তত লায়ন্স ক্লাব গুৱাহাটীয়ে প্ৰতিগৰাকী মহিলাকে এটা এটাকৈ চিলাই মেচিন প্ৰদান কৰিব। উল্লেখযোগ্য যে,প্ৰতিমাহতেই লায়ন্স ক্লাব গুৱাহাটীয়ে আত্ম নিৰ্ভৰ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰকল্প হাতত ল'ব। আজিৰ মুকলি অনুষ্ঠানত ভিডিজি (প্ৰথম)শুভাংকৰ সেন, বি ভিডিজি(দ্বিতীয়) বিএছ ৰাথোৰৰ লগতে লায়ন্স ক্লাবৰ সভাপতি অন্তিমা লধা, সম্পাদক অমিত আগৰৱাল, ধন ভড়ালী গৌৰৱ হাৰলালকা কে ধৰি কেইবাজনো লোক উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা