বৰপেটা আৰু মন্দিয়াত গৰাখহনীয়া প্ৰতিৰোধৰ দুখন আঁচনিৰ আধাৰশিলা স্থাপন

বৰপেটা আৰু মন্দিয়াত গৰাখহনীয়া প্ৰতিৰোধৰ দুখন আঁচনিৰ আধাৰশিলা স্থাপন* ///  *দলমত এৰি সকলো সমষ্টিতে উন্নয়ন সাধন কৰা হৈছে: মন্ত্ৰী ফণী ভূষণ চৌধুৰী*।        
বৰপেটা, ৭ ডিচেম্বৰ: ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণী ভূষণ চৌধুৰীয়ে আজি বৰপেটা জিলাৰ মন্দিয়া আৰু বৰপেটা চহৰত যথাক্ৰমে ভেলেঙী আৰু মৰাচাউলখোৱা নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ দুখন আঁচনিৰ কামৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। মৰাচাউলখোৱা নৈৰ সো-পাৰে বৰপেটা চহৰৰ সণকুছী-বালাপাৰাত ৪১০ মিটাৰ দূৰত্ব আৰু ৰঙাপানীত নৈখনৰ বাওঁফালে ২২০ মিটাৰ দূৰত্বৰ এখন আঁচনি  আৰু বাঘবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মন্দিয়াৰ বৰদলনিত ভেলেঙী নৈৰ গৰাখহনীয়াৰ ৬৩০ মিটাৰ দূৰত্ব জিওবেগেৰে খহনীয়া প্ৰতিৰোধৰ বাবে নাবাৰ্ডৰ অৰ্থ সাহাৰ্যত গ্ৰাম্য আন্ত:গাঠনি উন্নয়ন পুজিৰ  ৩ কোটিকৈ টকা নিৰ্ধাৰণ কৰা হৈছে। এই উপলক্ষে মন্দিয়াৰ বৰদলনি প্ৰাথমিক বিদ্যালয় খেলপথাৰত আয়োজিত প্ৰথমখন সভাত বাঘমাৰা সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ , অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপ, জল সম্পদ বিভাগৰ অধীক্ষক অভিযন্ত্ৰা মুকুট ডেকা, কাৰ্যবাহী অভিযন্তা পুলক চৌধুৰী, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, চক্ৰ বিষয়া ৰাজীব গগৈ, মন্দিয়া আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী কুলচুমা তালুকদাৰ প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকলো উপস্থিত থাকে। সভাত দিয়া ভাষণত মন্ত্ৰী গৰাকীয়ে কয় যে দলমত নিৰ্বিশেষে ঐক্যবদ্ধ ভাবে কাম কৰিলেহে ৰাইজৰ সমস্যা সমাধান হব। বৰ্তমানৰ চৰকাৰে সকলো সমষ্টিৰ প্ৰতি সমদৃষ্টি দিয়াৰ বাবেহে বাঘবৰৰ দৰে সমষ্টিবোৰতো এনে উন্নয়নমুখী আঁচনি হাতত লোৱাটো সম্ভৱ হৈছে বুলি তেওঁ মত প্ৰকাশ কৰে। মন্ত্ৰী চৌধুৰীয়ে আঁচনিখনৰ সঠিক ৰূপায়নৰ ওপৰত তীক্ষ্ণ দৃষ্টি দিয়াৰ বাবে ৰাইজৰ প্ৰতি আহ্বান জনায়। ইয়াৰ পিছতে সণকুছীৰ ধানবান্ধাত অনুষ্ঠিত দ্বিতীয় খন আঁচনিৰ আধাৰশিলা স্থাপন অনুষ্ঠানত বৰপেটা সদৰ সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসে সভাপতিত্ব কৰে। সভাত জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই দিয়া আদৰণি ভাষণত বৰপেটা চহৰখনৰ ভুপৃষ্ঠ যথেষ্ট দ হোৱা বাবে বান-দুৰ্যোগৰ সমস‌্যটো অধিক বুলি উল্লেখ কৰে। তেওঁ ইয়াত ৰূপায়ন কৰিবলৈ লোৱা আচনিখনত যিকোনো ধৰণৰ আসোৱাহ দেখিলে প্ৰশাসনক তাৎক্ষণিকভাৱে অৱগত কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়। সণকুছী-ধানবান্ধা উন্নয়ন সমিতিৰ সহযোগত অনুষ্ঠিত ৰাজহুৱা সভাখনৰ আতঁধৰে স্থানীয় শিক্ষাবিদ ছাবেদ ভূঞাই। সভাৰ মঞ্চত অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপ, জল সম্পদ বিভাগৰ অধীক্ষক অভিযন্ত্ৰা মুকুট ডেকা, কাৰ্যবাহী অভিযন্তা পুলক চৌধুৰী, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, বিশিষ্ট সমাজ কৰ্মী হেমন্ত দেউৰী আদি অতিথি সকলো উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা