ৰঙিয়াত আন্তৰ্জাতিক বিশেষ ভাৱে সক্ষম দিৱস উদযাপন
প্ৰতিবেদক,ৰঙিয়া,৩ ডিচেম্বৰঃ আজি আন্তৰ্জাতিক দিব্যাঙ্গ দিৱস। এই দিৱস উপলক্ষে আজি ৰঙিয়া আদৰ্শ চিকিৎসালয় প্ৰাঙ্গণত দিনজোৰা কাৰ্যসূচীৰে দিৱসটো পালন কৰা হয়। কামৰূপ জিলা প্ৰশাসন, কামৰূপ জিলা সমাজ কল্যাণ বিভাগ আৰু কামৰূপ জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যৌথ উদ্যোগত অনুষ্ঠিত এই দিৱসৰ বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে জিলা অতিৰিক্ত উপায়ুক্ত কান্তা দাস আৰু ৰঙিয়াৰ মহকুমাধিপতি স্বপ্নীল পাল আৰু জিলা সমাজ কল্যাণ বিষয়া ৰুবুল শৰ্মাই । ভাষন প্ৰসংগত মহকুমাধিপতি পালে কয় যে, আজি আন্তর্জাতিক বিশেষভাৱে সক্ষম সকলৰ দিন। গোটেই বিশ্বজুৰি আজিৰ এই দিনটো দিব্যাংগ ব্যক্তি সকলৰ কাৰণে পালন কৰা হয়। আমি 'মিছন হেঁপাহ' যোৱা অক্টোবৰ মাহত আৰম্ভ কৰিছো। তাৰ প্ৰথম পৰ্যায়ত জৰীপ কৰি গোটেই জিলাত কিমান দিব্যাংগ ব্যক্তি তাৰ বিৱৰণ ওলাইছো। আজিৰ পৰা আমাৰ 'মিছন হেপাঁহ'ৰ দ্বিতীয় পৰ্যায় আৰম্ভ হ'ল। এই পৰ্যায়ত বিশেষভাৱে সক্ষম ব্যক্তি সকলৰ শাৰিৰীক পৰীক্ষাৰ অন্তত তেেওঁলোকৰ হাতে হাতে প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব। তাৰপিছতেই একক দিব্যাঙ্গ পৰিচয় নম্বৰৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ সংগ্ৰহ কৰি দিব্যাঙ্গ সকলক আৰ্থিক সকাহ দিয়াৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হব বুলি মহকুমাধিপতি পালে ঘোষনা কৰে। তেওঁ দিব্যাঙ্গ সকলৰ বেংক একাউন্ট খোলাৰ ব্যৱস্থাও এই আঁচনিৰ অধীনত কৰি দিয়া হব বুলি জানিবলৈ দিয়ে। মহকুমাধিপতি গৰাকীয়ে আৰু কয় যে মূল তিনিটা উদ্দেশ্য আগত ৰাখি মিছন হেপাঁহৰ আচনিঁ গ্ৰহণ কৰা হৈছে। ইয়াৰে প্ৰথমটো হ'ল বিশেষভাৱে সক্ষম সকলৰ প্ৰমাণপত্ৰ প্ৰদান, দ্বিতীয়টো ইউডি আইডি আৰু তৃতীয়টো হ'ল দিব্যাংগ সকলৰ পেঞ্চন পোৱাৰ ব্যৱস্থা কৰা। প্ৰায় ৪০০ দিব্যাংগ লোক উপস্থিত থকা শিবিৰত দিব্যাঙ্গ লোক সকলৰ আজি স্বাস্থ্য পৰীক্ষা কৰা হয়। অনুষ্ঠানত জিলা সমাজ কল্যাণ বিষয়া ৰুবুল শৰ্মাই কয় যে সমাজ কল্যাণ বিভাগৰ তৰফৰ পৰা অসমৰ ৩৩ খন জিলাতেই এই দিৱসটো পালন কৰা হৈছে।অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগে প্ৰতিমাহে এহেজাৰ টকাকৈ পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছে, কিন্তু বহু দিব্যাংগ ব্যক্তিৰ প্ৰমাণপত্ৰ আৰু বেংক একাউন্ট নথকাত বহু অসুবিধাৰ সৃষ্টি হৈছে।দুমাহৰ ভিতৰত আমাৰ কামৰূপ জিলাৰ ১৪খন ব্লকত স্বাস্থ্য পৰীক্ষা শিবিৰ অনুু্ষ্ঠিত কৰি প্ৰমাণপত্ৰ প্ৰদান কৰাৰ লগতে প্ৰতিমাহে এহেজাৰ টকাকৈ পেঞ্চন দিয়াৰ ব্যৱস্থা কৰা হব। ইতিমধ্যে সমগ্ৰ ৰাজ্যত এক লাখ পঁয়সত্তৰ হেজাৰ দিব্যাঙ্গক প্ৰদান কৰা হৈছে। সমাজ কল্যাণ বিভাগৰ পৰা আৰু নতুন আঁচনি বিশেষকৈ ছাত্ৰ ছাত্ৰী সকলক বছৰি বিশ হাজাৰ টকাকৈ জলপানি, মেডিকেল আৰু টেকনিক্যাল লাইনত থকা শিক্ষার্থীখিনিক প্ৰতিমাহে তিনি হাজাৰ টকাৰ বিশেষ পেঞ্চন আঁচনি প্ৰবৰ্তন কৰা হৈছে । অসম চৰকাৰেও বছৰি তিনিশ দিনৰ নতুন জবকাৰ্ড মুকলি কৰিব ওলাইছে। মুখ্যমন্ত্রী আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্রীৰ নেতৃত্বত আজি এই যোজনাটোৰ শুভাৰম্ভ কৰা হব বুলি শৰ্মাই জানিবলৈ দিয়ে । তাত নূন্যতম এশ দিন তেওঁলোকে জবকাৰ্ড পাব।আজিৰ অনুষ্ঠানটিত উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত কান্তা দাস, মহকুমাধিপতি স্বপ্নীল পাল, ৰঙিয়াৰ ৰাজহ চক্ৰ বিষয়া চন্দন বৰগোহাঁই, মহকুমা স্বাস্থ্য বিষয়া ডাঃ চফিকুল হ'ক, ৰঙিয়া- কমলপুৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া ডেইজীৰাণী দেৱী, আদৰ্শ চিকিৎসালয়ৰ উপ- অধীক্ষক ডাঃ নৱনীতা বৰা প্ৰমূখ্যে চিকিৎসক, নাৰ্ছ,স্বাস্থ্য কৰ্মী আৰু মহকুমা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীবৃন্দ।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।
Comments
Post a Comment