ৰঙিয়া আৰক্ষীৰ বৃহৎ সাফল্যঃ৫ বেংক হেকাৰক আটক, জেল হাজোতলৈ প্ৰেৰণ

প্ৰতিবেদক, ৰঙিয়া , ৭ ডিচেম্বৰঃ 

দীৰ্ঘদিন ধৰি সমগ্ৰ ৰাজ্যত বেংক গ্ৰাহক সকলৰ একাউন্ট হেক কৰি  লাখ লাখ টকা হৰলুকী কৰা এটা চক্ৰ সক্ৰিয় হৈ আছে। ৰঙিয়াতো চক্ৰটোয়ে কেবাগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক, চাকৰিয়ালৰ একাউণ্টৰ পৰা টকা আত্মসাৎ কৰা সন্দৰ্ভত কেবাটাও গোচৰ ৰঙিয়া থানাত ৰুজু হৈছিল। থানাত গোচৰ ৰুজু হোৱাত ৰঙিয়া থানাই হাত সাৱটি বহি নাথাকি গোপনে তদন্ত আৰম্ভ কৰিছিল। কামৰূপ আৰক্ষীৰ ছাইবাৰ ছেলৰ সহযোগত অভিযানৰ ব্লুপ্ৰিণ্ট ৰচনা কৰি কামৰূপ জিলাৰ উপ আৰক্ষী অধীক্ষক (আইন শৃংখলা) কংকন কুমাৰ নাথ, ৰঙিয়া থানাৰ বিষয়া ক্ৰমে ভদ্ৰেশ্বৰ পেগু আৰু হেমন্ত হালৈৰ নেতৃত্বত ছাইবাৰ ছেলৰ দল এটাই নগাঁৱৰ কামপুৰ আৰক্ষীৰ সহযোগত অভিযান চলাই দুৰ্ধৰ্ষ হেকাৰ  চক্ৰৰ পাঁচ জনীয়া দল এটাক আটক কৰে। ৰাজ্যৰ  এটিএম লগতে  বিভিন্ন একাউন্টৰ ধন হৰলুকীৰে সন্ত্ৰাস চলাই অহা এই চক্ৰৰ সদস্য কেইজন হল, কামপুৰ থানাৰ অন্তৰ্গত পদুমনি গাঁৱৰ ছঈদ আহমেদ লস্কৰ, ফাইজ আহমেদ লস্কৰ, তৈমুছ আলী লস্কৰ, গুলজাৰ আহমেদ লস্কৰ, লগতে যমুনামুখ থানাৰ অন্তৰ্গত নদিয়া পাম গাৱৰ  ৰছিদ আহমেদ৷ আৰক্ষীৰ মতে এই চক্ৰটোৰ মাষ্টাৰমাইণ্ড হল ছঈদ আৰু ৰছিদ। ইয়াৰে এজন ছঈদ আহমেদ লস্কৰ  অভিযন্তা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ আটকাধীন দুৰ্বৃত্ত কেইটাৰ পৰা আৰক্ষীয়ে আঠটা  মোবাইল ,বিলাসী বাহন এখন (এএছ ০২ এডি ৬৭৫২)  ভুৱা ভোটাৰ পৰিচয় পত্ৰ ৫০খন, ভুৱা এ টি এম ৩০খন, ভুৱা বেংক পাছবুক ২০খন,  মোবাইল ছীম আঠ খন, লেপটপ এটা, প্ৰিন্টাৰ এটা, নগদ ৫০ হাজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য বিলাসী বাহনখন ৰছিদ আহমেদৰ পৰা উদ্ধাৰ কৰা হৈছে।  ৰঙিয়া মহকুমা আৰক্ষী বিষয়া মৃগাক্ষী ডেকাই জনোৱা মতে  ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যলয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক পৰেশ  ডেকা, কমলপুৰৰ অৱসৰ প্ৰাপ্ত চৰকাৰী কৰ্মচাৰী বছিৰ আলী আৰু ইছলামুদ্দিন আহমেদ সহ ৰঙিয়া মহকুমাৰ কেবাগৰাকী  গ্ৰাহকৰ একাউন্টৰ পৰা  প্ৰায়  ৩০ লাখ টকা আজি কিছুদিন আগত হৰলুকী হৈছিল আৰু এই ঘটনাই সমগ্ৰ ৰঙিয়া অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ ৰঙিয়া আৰক্ষীৰ এই তৎপৰতাত ৰাইজে প্ৰশংসা কৰে। এই চক্ৰটোৰ লগত বেংকৰ কেবাটাও ছি এছ পি আৰু এটা বৃহৎ চক্ৰ জড়িত থকা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ। আজি তেওঁলোকক ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদলতত হাজিৰ কৰোৱাত আদালতে তেওঁলোকক নলবাৰী জেল হাজোতলৈ প্ৰেৰণ কৰে।
প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা