ৰাজনৈতিক দলসমূহে তিৱা নিৰ্বাচনটো নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি আহিছে--তিৱা ছাত্র সন্থা

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৬ ডিচেম্বৰঃ তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচন ভোট গ্ৰহণলৈ মাত্ৰ কেইঘন্টামান বাকী ৷ ভোটগ্ৰহণৰ প্ৰাকমূৰ্হতত বুধবাৰে তিৱা ছাত্র সন্থাৰ বৰচিলা আঞ্চলিক সমিতিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদমাধ্যমৰ আগত কয় যে- দীৰ্ঘদিনীয়া তিৱা ছাত্র সন্থাৰ আন্দোলনৰ ফলশ্ৰুতিত তিৱা স্বায়ত্ব পৰিষদ খন গঠন  হৈছিল। তিৱা ছাত্র সন্থাই যি খিনি মৌলিক সমস্যাৰ ওপৰত জন্ম লগ্নৰ পৰা দাবী উত্থাপন কৰি আহিছে এই সমস্যা বোৰ সমাধান বৰ্তমানলৈকে কোনো এখন তিৱা স্বায়ত্ব পৰিষদে সমাধান কৰা নাই। সকলোৱে নিজৰ ব্যক্তিগত চিন্তাহে কৰিছে। লগতে এইবাৰ তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত ৰাজনৈতিক দল বোৰে মূল সমস্যা খিনিৰ ওপৰত বক্তব্য নাৰাখি তাৰ বিপৰীতে গায়ক-গায়িকা অভিনেতা-অভিনেত্ৰীৰ দ্বাৰা নাচ গানৰ কৰাই তিৱা সহজ সৰল লোক সকলক ভোলাই ভোট সংগ্ৰহ কৰিবলৈ আহিছে। গতিকে  এইবাৰ  কোনো দল, সংগঠন নাচাই  তিৱা জাতিৰ উন্নয়নত কাম কৰিব পৰা যোগ্য ব্যক্তিক ভোট দি এখন নিকা স্বায়ত্ব পৰিষদ গঠন কৰিবলৈ সমূহ তিৱা ৰাইজক আহ্বান জনাইছে বৰচিলা আঞ্চলিক তিৱা ছাত্ৰ সন্থাই।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা