অৰুণোদয় সাহিত্য চ'ৰাৰ সাহিত্য বৈঠক সম্পন্ন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৩ ডিচেম্বৰঃ নগাঁৱৰ অন্যতম ভাষা-সাহিত্য-সংস্কৃতি চৰ্চাৰ অনুষ্ঠান অৰুণোদয় সাহিত্য চ'ৰাৰ ডিচেম্বৰ মাহৰ সাহিত্য পাঠৰ বৈঠকখনি দেওঁবাৰে অনুষ্ঠিত হয়। নগাঁৱৰ লক্ষীনগৰস্থিত অসম হোমিঅ’ পেথিক মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত বৈঠকখনি সঞ্চালনা কৰে চ'ৰাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক ভৱেশ মেধিয়ে । সম্পাদক ৰাহুল দেৱ বৰদলৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা বৈঠকৰ আৰম্ভণিতে মহামাৰি ক’ভিড -১৯ ৰ ভয়াবহ সময়ছোৱাত ভাষা-সাহিত্য-সংস্কৃতি আৰু সামাজিক দিশত যি সকল পুৰুধা ব্যক্তিয়ে মৃত্যুবৰণ কৰিলে সকলোৰে হৈ ভগৱন্তৰ ওচৰত এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা হয়। ইয়াৰ পিছতে নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° দিলীপ শৰ্মা সঞ্চালনাত অনুষ্ঠিত সাহিত্য পাঠ অনুষ্ঠানৰ আৰম্ভনিতে শিল্পী সুৰেশ হাজৰিকাই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু প্ৰয়াত শিল্পী খগেন মহন্তৰ গীত পৰিবেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে। তদুপৰি অনু কোঁৱৰ সিনহা, মালা মেধি কাকতি, মুনীন্দ্ৰ শইকীয়াকে ধৰি বহু কেইগৰাকী নবীন-প্ৰবীন কৰিয়ে স্ব-ৰচিত কবিতা পাঠেৰে আঘোনৰ আবেলিটো জীপাল কৰি তোলে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা