কৰিলে ইয়াৰ শেহতীয়া মডেল MY21 KTM 125 duke

প্ৰখ্যাত বাইক নিৰ্মাণ কোম্পানী KTM য়ে মুকলি 

ষ্টাফ ৰিপ'ৰ্টাৰ,,,১৬ ডিচেম্বৰ
প্ৰখ্যাত বাইক নিৰ্মাণ কোম্পানী KTM য়ে বুধবাৰে মুকলি কৰিলে ইয়াৰ শেহতীয়া মডেল MY21 KTM 125 DUKE। বাইক ৰাইডাৰ সকলক নতুন অভিজ্ঞতা প্ৰদানৰ প্ৰতিশ্ৰুতিৰে গুৱাহাটীৰ ছয়মাইলস্থিত KTM ৰ শ্ব'ৰুম ত এতিয়াৰ পৰা উপলব্ধ হ'ব এই নতুন দুচকীয়া বাহন খন। এই নতুন বাইক খনৰ বজাৰ মূল্য হৈছে ১৫১২২৬। বৰ্তমান ইলেকট্ৰনিক অ'ৰেঞ্জ  (electronic orange)  আৰু কেৰামিক(Ceramic white)এই দুটা ৰঙত বজাৰত উপলব্ধ হ'ব এই বাইক খন। আকৰ্ষণীয় ডিজাইন, অত্যাধুনিক প্ৰযুক্তি তথা সা-,সুবিধাৰে নিৰ্মিত এই বাইকখন এতিয়াৰে পৰা উপলব্ধ হ'ব গুৱাহাটীৰ শ্ব'ৰুমত। বাইকাৰচ সকলৰ লগতে পেচেনজাৰৰ বহা  চিট সুবিধা জনক ভাৱে গঢ়ি তোলা হৈছে এই নতুন সংস্কৰণত। ইয়াৰোপৰি টেংকৰ জোখ হৈছে ১৩.৫ লিটাৰ। উল্লেখযোগ্য যে Ready to race এই দৰ্শনেৰে ১৯৫৩ চনৰ পৰা এতিয়ালৈকে ৬৬ টা বছৰত ৩০০ খনতকৈ অধিক বিশ্ব চেম্পিয়নশ্বিপত KTM ব্যৱহাৰ কৰা হৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা