ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ চাইকেল ৰেলী

ফাষ্ট নিউজ,জামুগুৰিহাট,২৯ ডিচেম্বৰ:জামুগুৰিহাটৰ কুসুমতোলা আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীয়ে আজি সজাগতা বৃদ্ধিৰ উদ্দেশ্যে এখনি চাইকেল ৰেলী উলিয়ায়।এই উদ্দেশ্যে আয়োজিত আৰম্ভণি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক ললিত বৰাই। কুসুমতোলা আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক প্ৰশান্ত বৰুৱাই পতাকা উত্তোলন কৰা আৰু ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ উপাধক্ষ্য অৰুণ শৰ্মাই চাইকেল ৰেলীৰ শুভ উদ্ধোধন কৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি দক্ষিণ নাগশংকৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ তত্বাৱধায়ক শিক্ষক অঞ্জন বাচকোটাই ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে আলোকপাত কৰে৷ উল্লেখযোগ্য যে আজিৰ এই চাইকেল ৰেলী স্থানীয় ৰাইজক গঁড় হত্যা ৰোধ কৰা, পানীৰ সংৰক্ষণ কৰা, মাদক দ্ৰব্যৰ সেৱন বন্ধ কৰা, গছ কটা বন্ধ কৰা আদি সামাজিক সমস্যাৰ বিষয়ে সচেতন কৰাৰ উদ্দেশ্যে উলিওৱা হয়। চাইকেল ৰেলীটো জামুগুৰিহাটৰ কুসুমতোলা, পদ্মপুৰ, ডিপাটোলা, টলকাবাৰী, জামুগুৰিহাট ব্যৱসায়ী কেন্দ্ৰ, বৰিগাঁও, মহেখাতী, ডিকৰাইগুৰি হৈ পুনৰ কুসুমতোলা আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হয়। বিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ তত্বাৱধায়ক শিক্ষক কমল ভট্টৰাইয়ে শলাগৰ শৰাই আগবঢ়োৱা সভাত অসম আৰক্ষীৰ গোপাল মণ্ডল, স্থানীয় সমাজকৰ্মী ৰমেশ মণ্ডল, বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল উপস্থিত থাকে।
 জোন বৰা,জামুগুৰিহাট৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা