২০ ডিচেম্বৰত বঙাইগাঁও জিলা যুৱ ছাত্ৰ পৰিষদৰ ঊনবিংশতম দ্বি- বাৰ্ষিক অধিৱেশন

উপস্থিত থাকিব পৰিষদৰ কেন্দ্ৰীয় নেতৃত্ব 

বঙাইগাঁওঃ৮ ডিচেম্বৰঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বঙাইগাঁও জিলা সমিতিৰ ঊনবিংশতম দ্বি- বাৰ্ষিক অধিৱেশনখন অহা ২০ ডিচেম্বৰত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৷ বঙাইগাঁও আঞ্চলিক সমিতিৰ সহযোগত জ্ঞানোদয় জাতীয় বিদ্যালয়ত অনুষ্ঠিত হ'বলগীয়া অধিৱেশনৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰিব যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য গণেশ দাসে ৷ ইয়াৰ পিচতে শ্বহীদ তৰ্পন কাৰ্যসূচী মুকলি কৰিব কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সাংগঠনিক সম্পাদক ব্ৰজেন বৰুৱাই ৷ গছ পুলি ৰোপন কৰিব জ্ঞানোদয় জাতীয় বিদ্যালয়ৰ অধ্যক্ষ অশোক দাসে ৷ অধিৱেশন উপলক্ষে প্ৰতিনিধি সভা ,বিষয় বাচনি সভা অনুষ্ঠিত হ'ব ৷ আনহাতে সন্ধিয়া বন্তি প্ৰজ্বলন কৰিব জিলা যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা ৰত্নেশ্বৰ শৰ্মাই ৷ অধিৱেশনৰ কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা ,সাধাৰণ সম্পাদক পলাশ চাংমাই,সহকাৰী সাধাৰণ সম্পাদক বিজন বায়ণৰ লগতে কেন্দ্ৰীয় নেতৃবৃন্দ ৷ অধিৱেশনৰ কাৰ্যসূচীত বঙাইগাঁও জিলাৰ অন্তৰ্গত যুৱ ছাত্ৰ পৰিষদৰ সমূহ সদস্য তথা সতীৰ্থৰ সহায় - সহযোগিতা অভ্যৰ্থা সমিতিৰ সভাপতি মনু সিংহ আৰু সাধাৰণ সম্পাদক ধৰ্মকান্ত ৰায়ে কামনা কৰিছে ৷ 

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা