বঙাইগাঁৱত কমতাৰত্ন অম্বিকাচৰণ চৌধুৰীৰ নৱম বাৰ্ষিক স্মৃতি দিৱস উদযাপন

অম্বিকাচৰণ চৌধুৰীৰ নামত এটা বঁটা প্ৰৱৰ্তন কৰিবলৈ অসম চৰকাৰক অনুৰোধ পৰমানন্দ ৰাজবংশীৰ 

বঙাইগাঁওঃ ৪ ডিচেম্বৰঃ কমতাৰত্ন অম্বিকাচৰণ চৌধুৰীৰ নৱম বাৰ্ষিক স্মৃতি দিৱস আজি বঙাইগাঁৱৰ বৰপাৰাস্থিত ৰত্নপীঠ ক্ষেত্ৰত উদযাপন কৰা হয় ৷ কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্পৰ উদ্যোগত আৰু বঙাইগাঁও জিলা সাহিত্য সভাৰ সহযোগত তথা ৰত্নপীঠ প্ৰকাশনৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত স্মৃতি দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশী আৰু প্ৰয়াত চৌধুৰীৰ সহধৰ্মিনী কুলদা চৌধুৰীয়ে কমতাৰত্ন অম্বিকাচৰণ চৌধুৰীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ বন্তি প্ৰজ্বলন কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰাজবংশীয়ে সংবাদ মাধ্যমৰ আগত কয় যে কমতা সাহিত্যৰত্ন অম্বিকাচৰণ চৌধুৰী সমগ্ৰ অসমৰ এগৰাকী জাতীয় বৌদ্ধিক ব্যক্তি আৰু তেওঁৰ নামেই পৰিচয় ৷ এইগৰাকী ব্যক্তি অবিহনে আমাৰ সামাজিক জীৱন বা আমাৰ পশ্চিম অঞ্চলৰ বহু ইতিহাস ,যি  ইতিহাসৰ লহত জড়িত হৈ আছে কেৱল এটা জাতীয় ইতিহাসেই নহয় , অন্যান্য আনুসংগিক যিবিলাক তথ্য লৈ তেওঁ যিবোৰ গ্ৰন্থ প্ৰণয়ন কৰিছিল আৰু যি ধৰণে সমগ্ৰ জনগোষ্ঠীক একত্ৰিত কৰিবৰ কাৰণে তেওঁৰ যি আন্তৰিক প্ৰচেষ্টা সেইবিলাকৰ বিষয়ে বহুতে নাজানে ৷ সেয়ে আমি আজি তেওঁৰ এই নৱম বাৰ্ষিক মৃত্যু দিৱসৰ দিনা অসম চৰকাৰৰ ওচৰত অনুৰোধ জনাইছো যাতে তেওঁৰ নামত এটা বঁটা বা এটা সন্মান প্ৰদৰ্শনৰ ব্যৱস্থা কৰে ৷ কাৰণ প্ৰয়াত অম্বিকাচৰণ চৌধুৰীয়ে কোচ ৰাজবংশীসকলৰ এটা নতুন আধুনিক ধাৰা প্ৰৱৰ্তনৰ যি ধৰণে আৰম্ভ কৰিছিল আৰু সমগ্ৰ পশ্চিম অঞ্চলত অতন্ত্ৰ প্ৰহৰী হিচাপে যি ধৰণে বিভিন্ন বৌদ্ধিক কাম কাজত জড়িত হৈ পৰিছিল তাৰ বাবে মই ভাৱো যে অসম চৰকাৰে নিজাববীয়াকৈ এটা গুৰুত্বপূৰ্ণ বঁটাৰ যদি ব্যৱস্থা কৰে বা স্মৃতিচাৰণৰ ব্যৱস্থা কৰে তেতিয়াহ'লে চৰকাৰে তেওঁৰ প্ৰতি এটা শ্ৰদ্ধা জনোৱা হ'ব ৷ অসম সাহিত্য সভাই আগতে তেওঁৰ হৈ কিছু কিছু কাম কৰিছো আৰু ইতিমধ্যে এটা সাহিত্য বঁটাৰ বাবে চিন্তা - চৰ্চা কৰিছে বুলিও কয় ৷ ইয়াৰ পিচতে সমাধিস্থলীত বন্তি প্ৰজ্বলন কৰা হয় ৷ বন্তি প্ৰজ্বলন কৰে সহধৰ্মিনী কুলদা চৌধুৰীয়ে ৷ আনহাতে প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্পৰ সভাপতি সত্যনাৰায়ণ ৰায়ে ৷ গীতা পাঠ কৰে কোচ ৰাজবংশী ক্ষক্ৰিয় সংস্কাৰ সমিতিৰ পুৰোহিত ৰমাকান্ত ৰায়ে ৷ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি স্মৃতিচাৰণ সভা আৰু বঙাইগাঁৱৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ কৃতী ছাত্ৰ- ছাত্ৰীক কমতা সাহিত্য ৰত্ন অম্বিকাচৰণ চৌধুৰী সোঁৱৰণী বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় ৷ কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্পৰ সভাপতি সত্যনাৰায়ণ ৰায়ে সভাপতিত্ব কৰা স্মৃতিচাৰণ সভাত সহযোগী হিচাপে থকাৰ লগতে আদৰণি ভাষণ দিয়ে বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি ৰমলা ৰায় সৰকাৰে ৷ আৰম্ভণিতে উদ্বোধনী সংগীত পৰিৱেশন কৰে হেৰম্ব অধিকাৰী আৰু কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্পৰ শিল্পী বৃন্দই ৷ স্মৃতিচাৰণ সভাত বিশিষ্ট লেখক তথা বঙাইগাঁও শতদল শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিচিত্ৰ শৰ্মাই 'কমতাৰত্ন' স্মৰণিকাৰ দশম সংখ্যাটো উন্মোচন কৰে ৷ সভাত বঙাইগাঁও মহাবিদ্যালয়ৰ অৱসৰী মূৰব্বী অধ্যাপক তথা বিশিষ্ট লেখক গোপেশ্বৰ তালুকদাৰে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কমতা সাহিত্য ৰত্ন অম্বিকাচৰণ চৌধুৰীৰ জীৱন, সাহিত্য আদি দিশৰ ওপৰত বক্তব্য ৰাখে ৷ সভাত বঙাইগাঁও শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা ২০২০ বৰ্ষৰ প্ৰৱেশিকা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা জ্যোতি সৰকাৰ( প্ৰথম ,৮২ শতাংশ), কংকনা দাস ( দ্বিতীয়,৮১.৮৩ শতাংশ) আৰু মনজ্যোতি নাথ( তৃতীয়,৭৯.৬৬ শতাংশ) ক কমতা সাহিত্য ৰত্ন অম্বিকাচৰণ চৌধুৰী সোঁৱৰণী বঁটা প্ৰদান কৰা হয় ৷ সভাত এই বছৰ ৰাজ্যিক কৃতি শিক্ষক বঁটা লাভ কৰা বঙাইগাঁও ৰে'লৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ গীতা দেৱী আৰু সমাজকৰ্মী তথা ডি টি পি মুদ্ৰন কৰ্মী সুৰেশ বৰ্মনক বঙাইগাঁও জিলা সাহিত্য সভাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷ সভাত বঙাইগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ হৰেন চক্ৰৱৰ্ত,  নিৰ্মল কুমাৰ ৰায় ,দেবব্ৰত শৰ্মা , ৰবীন দাস, দীপক দত্ত ,অজিত দাস আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ সন্ধিয়া কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্পৰ সম্পাদিকা পূৰ্ণিমা চৌধুৰী, বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি ৰমলা ৰায় সৰকাৰ , জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অজিত কুমাৰ দাস, সমাজকৰ্মী তথা জ্যেষ্ঠ নাগৰিক বিপুলানন্দ শৰ্মাৰ লগতে পৰিয়ালৰ সদস্য ডাঃ বিদ্যুৎ বিকাশ চৌধুৰী, ড° ৰূপাঞ্জলী দেৱী , প্ৰদ্যুৎ প্ৰকাশ চৌধুৰী, জানকী বৰ্মন আদিয়ে কমতাৰত্নৰ সমাধিস্থলীত বন্তি প্ৰজ্বল কৰে ৷ 

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা