কৃষ্ণাইত নিশা ভয়ংকৰ অগ্নিকাণ্ডঃছাইত পৰিণত শান্তি ষ্টোৰৰ গুদাম
গোৱালপাৰা জিলাৰ কৃষ্ণাইত যোৱা নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ এই অগ্নিকাণ্ডত কৃষ্ণাই বজাৰৰ প্ৰতিষ্ঠিত "শান্তি ষ্টোৰ" নামৰ গেলামাল দোকান খনৰ গুদাম ঘৰটো সম্পূৰ্ণ ৰূপে ভস্মীভূত হয় ৷ যাৰ ফলত ব্যৱসায়ী প্ৰতিষ্ঠানটোৰ কেবা লক্ষ টকা মূল্যৰ সামগ্ৰী জুইত জাহ যায় ৷ জানিব পৰা মতে, যোৱা নিশা প্ৰায় ১ বজাত হঠাৎ ব্যৱসায় প্ৰতিষ্ঠান খনৰ পিছফালে থকা সামগ্ৰী মজুত ৰখা গুদামত অগ্নিকাণ্ড সংঘটিত হয় ৷ দাউ দাউ জুই জ্বলি উঠাৰ পিছতে হাহাকাৰ লাগে বজাৰ খনৰ লোক সকলৰ মাজত ৷ লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক খৱৰ দিয়া হয় ৷ ইয়াৰ পিছতে ঘটনাস্থলীত তিনিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নমুৱাবলৈ সক্ষম হয় যদিও ইতিমধ্যে ভয়ংকৰ অগ্নিকাণ্ডত সমগ্ৰ গুদাম ঘৰটো জ্বলি ছাইত পৰিণত হয় ৷ সন্ধেহ কৰা মতে বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলতে এই ভয়ংকৰ অগ্নিকাণ্ডটো সংঘটিত হয় ৷ ব্যৱসায় খনৰ স্বতাধিকাৰীৰ বক্তব্যতো এই সন্দেহ প্ৰকাশিত হৈছে ৷
কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, First News Report
Comments
Post a Comment