কেইৰ্ণ অইল আৰু গেছৰ আৰু এপ'ল' হাস্পতাল গুৱাহাটীৰ সহযোগত যোৰহাটত স্বাস্থ্য পৰীক্ষা শিবিৰ



ষ্টাফ ৰিপ'ৰ্টাৰ,২৯ ডিচেম্বৰ,,কেইৰ্ণ অইল আৰু গেছ, ৱেদান্ত লিমিটেড এ এপ'ল হাস্পতাল গুৱাহাটীৰ সহযোগত যোৰহাটত প্ৰথমটো বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ ২১ ডিচেম্বৰৰে পৰা ২৩ ডিচেম্বৰ ২০২০ লৈ আয়োজন কৰিছে। দ্বিতীয় পৰ্য্যায়ৰ স্বাস্থ্য পৰীক্ষণ শিবিৰ সমূহ ৮-১০ জানুৱাৰী ২০২১লৈ কেন্দ্ৰীয় যোৰহাট আৰু টীয়ক চক্ৰৰ অধীনত কলিয়াপানী খণ্ডত অনুষ্ঠিত কৰা হ'ব। ২১ ডিচেম্বৰত যোৰহাট জিলাৰ অতিৰিক্ত উপায়ুক্ত তপন গোহাঁই য়ে খেৰণি বস্তিত এই বিনামূলীয়া স্বাস্থ্য শিবিৰৰ উদ্বোধন কৰে আৰু প্ৰায় ২০০ গৰাকী ব্যক্তিয়ে প্ৰথম দিনাই এই শিবিৰৰ সুবিধা সমূহ লাভ কৰে। উক্ত অনুষ্ঠানত তপন গোহাঁইয়ে কেইৰ্ণ ৱেদান্ত আৰু এপল হাস্পতাল গুৱাহাটীক এনে ধৰণৰ শিবিৰ আয়োজন কৰাৰ বাবে অভিনন্দন জনায় আৰু জনসাধাৰণৰ স্বাস্থ্য সেৱাৰ বাবে এনে শিবিৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে গুৰুত্ব প্ৰদান কৰে"। এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত সাধাৰণ স্বাস্থ্য পৰীক্ষাৰ ভিতৰত চকু আৰু দাঁতৰ পৰীক্ষণ ৰেণ্ডম ব্লাড চুগাৰ, ওজন আৰু উচ্চতা নিৰূপণ তথা বিএমআই পোষণ সম্পৰ্কীয় পৰামৰ্শৰ লগতে বিনামূলীয়া ঔষধ প্ৰদান অন্তৰ্ভূক্ত কৰা হয়। এই সন্দৰ্ভত কেইৰ্ণ অইল আৰু গেছ ৱেদান্ত লিমিটেডৰ মুখ্য আঞ্চলিক বিষয়া অৰুণাভ পৰাশৰে কয়'-ক'ভিড-১৯ এ বিভিন্ন ক্ষেত্ৰত বিশেষকৈ সৰ্বসাধাৰণৰ স্বাস্থ্য সেৱাত ব্যাঘাত জন্মাইছে। সেইবাবে ভিতৰুৱা অঞ্চলৰ লোকসকলক স্বাস্থ্য সেৱা আগবঢ়োৱাৰ অৰ্থে এই শিবিৰ সমূহৰ আয়োজন কৰা হৈছে"।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা