নগাঁৱত সদৌ অসমীয়া কৈৱৰ্ত্ত সন্মিলনীৰ সভা

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৮ ডিচেম্বৰঃ কৈৱৰ্ত্ত সমাজক একগোট কৰি সামাজিক,সাংস্কৃতিক আৰু অৰ্থনৈতিকভাৱে আগুৱাই নিয়াৰ বাবে সোমবাৰে নগাঁৱত অনুষ্ঠিত হয় সদৌ অসমীয়া কৈৱৰ্ত্ত সন্মিলনীৰ এখন সভা । ১৯৫৫ চনতে গঠিত হোৱা এই সন্মিলনীক উদ্বাৰ আৰু পুনৰ গঠন প্ৰক্ৰিয়া ইতিমধ্যে অব্যাহত আছে ৰাজ্যজুৰি । কেন্দ্ৰীয় তদৰ্থ সমিতি শিৱসাগৰত গঠন হোৱাৰ পিছত এতিয়া জিলা সমিতি গঠন আৰু শক্তিশালী কৰাৰ কামত নিমগ্ন হৈ পৰিছে সদৌ অসমীয়া কৈৱৰ্ত্ত সন্মিলনী । ইয়াৰ অংশৰূপেই নগাঁৱৰ মাহৰোল বিলৰ পাৰৰ এক সভাকক্ষত সোমবাৰে অনুষ্ঠিত হয় এই বিশেষ সভাখনি । অসমৰ বিভিন্ন প্ৰান্তত সিঁচৰত হৈ থকা কৈৱৰ্ত্ত লোকসকলক সামাজিক নিৰাপত্তা প্ৰদান কৰাৰ উদ্দেশ্যেৰে এই সন্মিলনীয়ে শীঘ্ৰেই পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ।

Comments