বঙাইগাঁও জিলাৰ তিনিওটা সমষ্টিতে বিজেপিয়ে নিৰ্বাচন খেলাটো বিচাৰো- অপৰাজিতা ভূঞা

বঙাইগাঁৱত বিজেপিৰ মহিলা মৰ্চাৰ উদ্যোগত আদৰণি আৰু চিনাকী পৰ্ব অনুষ্ঠান 
অজন্তা নেওগক দললৈ আদৰণি 

বঙাইগাঁওঃ ২৭ ডিচেম্বৰঃ বঙাইগাঁও জিলা বিজেপিৰ মহিলা মৰ্চাৰ উদ্যোগত দেওবাৰে বৰপাৰাস্থিত দলীয় কাৰ্যালয়ত এক আদৰণি আৰু চিনাকী পৰ্ব অনুষ্ঠিত হয় ৷ এই অনুষ্ঠানত মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী অপৰাজিতা ভূঞাক আদৰণি জনোৱা হয় ৷ অনুষ্ঠানত জিলাখনৰ মহিলা মৰ্চাৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়াসকলৰ সৈতে চিনাকী হোৱাৰ লগতে সাংগঠনিক দিশ সন্দৰ্ভতো ৰাজ্যিক সভানেত্ৰীগৰাকীয়ে আলোচনা কৰে ৷ ইপিনে সংবাদ মাধ্যমৰ আগত মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰীগৰাকীয়ে কয় যে এই ভ্ৰমণৰ মূল লক্ষ্য আৰু উদ্দেশ্য আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সাংগঠনিক দিশটো জড়িত হৈ আছে ৷ লগতে আমি মহিলা মৰ্চাৰ দায়িত্ব লোৱাৰ পিচত গোটেই অসম ভ্ৰমণ কৰি আছো আৰু বঙাইগাঁও হ'ল ৩২ নং জিলা ভ্ৰমণ ৷ নিশ্চতভাৱে সাংগঠনিক দিশটো আগত ৰাখিয়ে আমাৰ এই জিলা ভ্ৰমণ কাৰ্যসূচী ৷ আনহাতে আগন্তুক বিধান সভা নিৰ্বাচনতো মিত্ৰতা অক্ষুন্ন থাকিব বুলি গৃহমন্ত্ৰী অমিত শ্বাহে যিহেতু মন্তব্য কৰিছে ,সেয়ে বঙাইগাঁও সমষ্টিত বিজেপি দলে প্ৰাৰ্থীত্ব আগবঢ়াব নে বুলি  সাংবাদিকে প্ৰশ্ন কৰাত সভানেত্ৰীগৰাকীয়ে কয় যে মিত্ৰতা থাকিব বুলি কৈছে যদিও কোনো দলৰ নাম উল্লেখ কৰা নাই ৷ গতিকে মিত্ৰতা থাকিলে বুলিয়ে যে সমষ্টি এটাত হাৰিবলগীয়া প্ৰতিজন বিধায়কে টিকত পাব তেনে ধৰণৰ কথা হ'ব নোৱাৰে ৷ যিহেতু আমি বিজেপি দলে চৰকাৰ গঠন কৰিম সেয়ে আমাৰ এটা পৰ্যবেক্ষণ চলি আছে আৰু সঁচাকৈ বঙাইগাঁৱত যদি ফণীভূষণ চৌধুৰী জয়ী হোৱাৰ স্থিতিত নাই আৰু কেন্দ্ৰীয় কাৰ্যকৰ্তাই নিবিচাৰে ,তেতিয়াহলে এই বিষয়টো বিৱেচনাত থাকিব ৷ তেওঁ কয় যে বঙাইগাঁও জিলাত দলৰ সাংগঠনিক স্থিতি খুবেই ভাল ৷ কিন্তু জিলাখনৰ তিনিওটা সমষ্টিতে অগপৰ সৈতে মিত্ৰতা আছিল৷ এইবাৰ মই বিচাৰিম যে তিনিওটা সমষ্টিতে মিত্ৰতা থাকিব নালাগে ৷ কাৰণ বিজেপিৰ সাংগঠনিক স্থিতি যথেষ্ট ভাল আৰু জয়ী হ'ব পৰা সম্ভাৱনা আছে ৷ সেয়ে এইবাৰ অন্তত এটা সমষ্টিত বিজেপিয়ে নিৰ্বাচন খেলিব বুলি আশা ব্যক্ত কৰে ৷ ইপিনে অজন্তা নেওগৰ বিজেপি আগমণ সন্দৰ্ভত সাংবাদিকে সোধাত মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰীগৰাকীয়ে কয় যে এয়া নিশ্চিতভাৱে সুখৰ বতৰা ৷ ৰাজনীতিত যি কেইগৰাকী মহিলাই নাম উজলাবলৈ সক্ষম হৈছে তাৰ মাজত অজন্তা নেওগো এগৰাকী ৷ সেয়ে আমি তেওঁক আদৰণি জনাইছো আৰু পৰৱৰ্তী সময়ত তেওঁৰ লগত মিলি কাম- কাজ কৰিবলৈ সুবিধা হ'ব ৷ আগন্তুক নিৰ্বাচনত মহিলাসকলোকো প্ৰাৰ্থীত্ব প্ৰদানৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিবলৈ দাবী জনাব বুলি কৈ সভানেত্ৰীগৰাকীয়ে কয় যে বিভিন্ন জিলা ভ্ৰমণ কৰি দেখিবলৈ পাইছো যে বিধান সভালৈ জয়ী হৈ আহিব পৰাকৈ যোগ্য মহিলা আছে ৷ ইতিমধ্যে দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসেও ঘোষণা কৰিছে যে এইবাৰ বিধান সভাত পূৰ্বতকৈ বেছি সংখ্যক মহিলা দেখিবলৈ পোৱা যাব ৷ সেয়ে আমি মহিলাসকলক প্ৰাৰ্থীত্ব প্ৰদানৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ দাবী জনাব বুলিও কয় ৷ অনুষ্ঠানত বঙাইগাঁও জিলা মহিলা মৰ্চাৰ সভানেত্ৰী সৰযূ দেৱী , জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰীকে ধৰি দলৰ বিষয়ববীয়া সকল উপস্থিত থাকে ৷ 

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা