ভেলাখামাৰ নাথপাৰা কালীমন্দিৰত পকী দেৱাল নিৰ্মাণৰ আধাৰশিলা স্থাপন

গোৱালপাৰা জিলাৰ কৃষ্ণাই উন্নয়ন খণ্ডৰ অধীনস্থ মানিকপুৰ ভেলাখামাৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত ভেলাখামাৰ নাথপাৰা কালী মন্দিৰত আজি এটি সমূহীয়া ভৱন আৰু পকী দেৱাল নিৰ্মাণৰ কামৰ আধাৰশিলা স্থাপন কৰা হয় ৷ চতুৰ্থ বিত্তীয় আয়োগৰ ২০১৮-১৯ বিত্তীয় বৰ্ষ (২য় কিস্তি)ৰ আৱন্টিত ধনেৰে নিৰ্মাণ হ’বলগীয়া কামটোৰ আজি আধাৰশিলা স্থাপন কৰে মাণিকপুৰ ভেলাখামাৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰী নাজিয়া হুছেইনে ৷ আজি দুপৰীয়া সম্পন্ন হোৱা আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে আঞ্চলিক পঞ্চায়ত সদস্যা খুৰশিদা আহমেদ, কণিষ্ঠ অভিযন্তা ধ্ৰুৱজ্যোতি নেওগ, ভেলাখামাৰ ’ক’ শাখাৰ পঞ্চায়ত সদস্যা প্ৰমিলা ৰায়, পঞ্চায়ত সচিব প্ৰৱীৰ দাস আদিকে ধৰি অৰ্দ্ধ শতাধিক ৰাইজ ৷ জানিব পৰা মতে, আজি আধাৰশিলা স্থাপন কৰা কামটোৰ বাবে আৱন্টিত ধনৰ পৰিমাণ ৩,৬৮,০৫৮'০০ টকা ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,first news report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা