বঙাইগাঁৱৰ বিশিষ্ট আইনবিদ তথা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ নাৰায়ণ চন্দ্ৰ বৰুৱাৰ দেহাৱসান

অধিবক্তা সন্থাৰ শোক প্ৰকাশ


বঙাইগাঁওঃ৮ ডিচেম্বৰঃ বঙাইগাঁৱৰ বিশিষ্ট আইনবিদ তথা অবিভক্ত গোৱালপাৰা জিলাৰ শেষগৰাকী অৱসৰপ্ৰাপ্ত জিলা সত্ৰ ন্যায়াধীশ নাৰায়ণ চন্দ্ৰ বৰুৱাৰ আজি পুৱা ১১ঃ৩০ বজাত বঙাইগাঁৱৰ স্বাগত হাস্পতাল এণ্ড ৰিচাৰ্চ চেণ্টাৰত বাৰ্ধক্যজনিত কাৰণত দেহাৱসান ঘটে ৷ মৃত্যুৰ সময়ত তেওঁৰ ৯৩ বছৰ বয়স হৈছিল ৷ উল্লেখ্য যে বঙাইগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত গঠন হোৱাৰ পূৰ্বেই গোৱালপাৰা জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত থকাৰ সময়তে তেওঁ ১৯৮৭ চনত অৱসৰ গ্ৰহণ কৰে ৷ পৰৱৰ্তী সময়ত কোকৰাঝাৰত অবৈধ বিদেশী চিনাক্তকৰণ ট্ৰিবুনেলৰ সদস্য হিচাপে কাম কৰি শেষত বঙাইগাঁও চহৰত নিগাজীকৈ থাকিবলৈ লয়৷ তেওঁ কিছু বছৰ বঙাইগাঁও জিলা আদালতত ওকালতি কৰি মৃত্যুৰ আগলৈকে আইনী পৰামৰ্শ দি জিলাখনৰ বিভিন্ন ব্যক্তি তথা অধিবক্তাসকলক সকাহ দিয়া এগৰাকী সপ্ৰতিভ ব্যক্তি হিচাপে সুপৰিচত নাৰায়ণ চন্দ্ৰ বৰুৱাই যোৰহাটৰ বৰুকবৰুৱা গাঁৱত জন্মগ্ৰহণ কৰিছিল৷ ১৯৫৫ চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰি পোন প্ৰথমে যোৰহাট বাৰত ওকালতি জীৱন আৰম্ভ কৰে ৷ কেইবছৰ মান পাছতে তেওঁ মুখ্য ন্যায়াধীশ পাৰ্বতী কুমাৰ গোস্বামীৰ উদগনিত সহকাৰী জিলা আৰু সত্ৰ ন্যায়াধীশ হিচাপে চাকৰি জীৱন আৰম্ভ কৰিছিল ৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, এগৰাকী পুত্ৰ তথা দুগৰাকী বোৱাৰী আৰু তিনিগৰাকী নাতিনীয়েকক ইহ সংসাৰত এৰি থৈ যায় ৷ সদা হাস্যময়,নিৰীহ তথা নিকা ভাৱমূৰ্তিৰ নাৰায়ণ চন্দ্ৰ বৰুৱাৰ দেহাৱসানত বঙাইগাঁও অধিবক্তা সন্থাই গভীৰ শোক প্ৰকাশ কৰিছে ৷ সন্থাৰ সভাপতি হৰেশ্বৰ দাসে প্ৰয়াত নাৰায়ণ চন্দ্ৰ বৰুৱা অবিভক্ত গোৱালপাৰা জিলাৰ শেষৰজন জিলা আৰু সত্ৰ ন্যায়াধীশ আছিল বুলি কৈ অৱসৰপ্ৰাপ্ত বিশিষ্ট আইনবিদগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷


প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা