ভাৰতীয় ইতিহাস সংকলন সমিতিৰ বঙাইগাঁও জিলা সমিতিৰ ত্ৰি- বাৰ্ষিক অধিৱেশন সম্পন্ন

নতুন সমিতি গঠন 

বঙাইগাঁওঃ২৭ ডিচেম্বৰঃ ভাৰতীয় ইতিহাস সংকলন সমিতি, অসম প্ৰান্তৰ অন্তৰ্গত বঙাইগাঁও জিলা সমিতিৰ ত্ৰি- বাৰ্ষিক অধিৱেশনখন দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে বঙাইগাঁৱৰ বৰপাৰাস্থিত ৰত্নপীঠ প্ৰকাশনত অনুষ্ঠিত হয় ৷ ভাৰত মাতাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পনেৰে আৰম্ভ হোৱা কাৰ্যসূচীত বঙাইগাঁও অঞ্চলৰ লগতে অভয়াপুৰী ,বইটামাৰী আদি অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ , সাহিত্য চৰ্চাৰ লগত জড়িত ব্যক্তিসকল উপস্থিত থাকে ৷ অধিৱেশন উপলক্ষে জিলা সমিতিৰ কাৰ্যকৰী সভাপতি মনুচাঁদ সিংহৰ সঞ্চালনাত অনুষ্ঠিত সভাত সমিতিৰ সম্পাদক বিদ্যুৎ ৰায়ে আদৰণি ভাষণ আৰু তিনি বছৰীয়া কাৰ্যকালৰ প্ৰতিবেদন পাঠ কৰে ৷ সভাত বিশিষ্ট অতিথি তথা ৰাজ্যিক  পৰ্যৱেশক হিচাপে উপস্থিত থাকি সংগঠনটোৰ সচিব ড° শুভজীৎ চৌধুৰীয়ে ভাৰতীয় ইতিহাস সংকলন  সমিতিৰ জন্মলগ্নৰ পৰা এটি সংক্ষিপ্ত খতিয়ান দাঙি ধৰে ৷ তেওঁ নিজৰ ভাষণত ভাৰতীয় ইতিহাসক বিকৃত ৰূপ প্ৰদান কৰাত বিদেশী উপনিৱেশকাৰী তথা বিভিন্ন সময়ত হোৱা বিদেশী আক্ৰমণকাৰীৰ প্ৰভাৱৰ কথাও উল্লেখ কৰে ৷ উল্লেখ্য যে এই সভাতে সংগঠনটোৰ পুৰণি জিলা সমিতিখন ভংগ কৰি এখন নতুন ২৪ জনীয়া সমিতি গঠন কৰা হয় ৷ সমিতিখনত ড° ৰবীন্দ্ৰ দাসক সভাপতি ,ভবানী প্ৰসাদ শৰ্মাক কাৰ্যকৰী সভাপতি ,মনুচাঁদ সিংহ আৰু বলেন সিংহক উপ সভাপতি , অজিত দাসক সাধাৰণ সম্পাদক, মঞ্জুপ্ৰভা বৰুৱা ডাকুৱা আৰু আজ্ঞা উপাধ্যায়ক সহকাৰী সম্পাদক হিচাপে লৈ সমিতিখন গঠন কৰা হয় ৷ নতুন সমিতি গঠনৰ পিচতে অনুষ্ঠিত হয় উপস্থিত ব্যক্তিসকলৰ মত বিনিময় অনুষ্ঠান ৷ মত বিনিময় অনুষ্ঠানত বিভিন্নজনে মত বিনিময় কৰে ৷ সৰ্ব শেষত সভাপতিৰ বক্তব্যৰে সভাখন সামৰণি পৰে ৷ উল্লেখ্য যে অধিৱেশনত ৰাজ্যিক পৰ্যৱেশক হিচাপে সংগঠনটোৰ সচিব ড° ভৱৰঞ্জন ৰায় , আৰু ড° শুভজীৎ চৌধুৰী উপস্থিত থাকে ৷


প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা