সত্রীয়া সংস্কৃতিৰ সাধক, শিল্পী ৰত্নেশ্বৰ ভূঞাৰ স্মৃতিচাৰণ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৩ ডিচেম্বৰঃ নগাঁও জিলাৰ বেবেজীয়াৰ কিছু নিলগৰ কটহগুৰি নিবাসী অসম সাহিত্য সভাৰ আজীৱন সভ্য, গুৰুজনাৰ সাহিত্য-সংস্কৃতিৰ একান্ত সেৱক, অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু প্ৰয়াত ৰত্নেশ্বৰ ভূঞাৰ এখনি স্মৃতি চাৰণ সভা দেওঁবাৰে তেখেতৰ নিজা বাসগৃহত অনুষ্ঠিত কৰা হয় । যোৱা ৩ ডিচেম্বৰত ৯৬ বছৰ বয়সত পৰলোক হোৱা ভূঞাৰ আদ্যশ্ৰাদ্ধ উপলক্ষে দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হয় এই স্মৃতি চাৰণ অনুষ্ঠানটি । এই মৰ্মে, পশ্চিম শিলপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ লক্ষীপ্ৰসাদ দেৱ গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা স্মৃতিচাৰন অনুষ্ঠানত লেখক-কবি অনিল চন্দ্ৰ বৰ্মন, সমাজকৰ্মী বুধিন মহন্ত আৰু সুৰেন চন্দ্ৰ দাসে তেখেতৰ সান্নিধ্য সোঁৱৰি আবেগিক হৈ পৰে। প্ৰয়াত ভূঞাৰ জেষ্ঠ পুত্র সদানন্দ ভূঞা আৰু সাংবাদিক ৰাহুল দেৱ বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানত শতাধিক গুনমুগ্ধই প্ৰয়াত ভূঞালৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা