কনজুমাৰ্চ লিগেল প্রটেক্টশ্বন ফৰামৰ উদ্যোগত ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস পালন

গুৱাহাটী, ২৪ ডিচেম্বৰ : সমগ্ৰ দেশৰ লগতে বৃহস্পতি বাৰে কনজুমাৰ্চ লিগেল প্রটেক্টশ্বন ফৰামে অসমতো ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস পালন কৰে। কোভিড জনীত পৰিস্থিতিৰ বাবে ফৰামে মূলতঃ ৰাজ্যৰ বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীৰ মাজত ভাৰ্চুৱেল মাধ্যমৰে ২০১৯ চনত গ্ৰাহক সুৰক্ষা আইনত হোৱা সংশোধনী সমূহৰ ওপৰত সজাগতা অভিযান চলায়। ১৯৮৬ চনত আজিৰ দিনটোতে অৰ্থাৎ ২৪ ডিচেম্বৰত দেশত প্ৰথম বাৰৰ কাৰণে গ্ৰাহক সুৰক্ষা আইন কাৰ্য্যকৰী হৈছিল। তেতিয়াৰে পৰা ২৪ ডিচেম্বৰৰ দিনটো ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস হিচাপে পালন কৰি অহা হৈছে। সুদীৰ্ঘ ৩৪ বছৰ পিছত ২০১৯ চনত এই আইন খনৰ অধিকাংশ অনুচ্ছেদ সময়ৰ লগত খাপ খোৱাকৈ শক্তিশালী ভাবে সংশোধন কৰা হয়। কনজুমাৰ্চ লিগেল প্রটেক্টশ্বন ফৰামে আজি গোৰেশ্বৰৰ নিজম বড়ো, নলবাৰীৰ নাজিয়া চুলতানা আৰু খাৰুপেটীয়াৰ চেমিম আখতাৰাই যৌথ ভাবে প্ৰস্তুত কৰা সজাগতামূলক ভিডিওৰ জৰিয়তে ছাত্র-ছাত্ৰীৰ মাজত উপভোক্তা হিচাপে প্ৰতিজন লোকক গ্ৰাহক সুৰক্ষা আইনে প্ৰদান কৰা অধিকাৰৰ বিষয়ে বিস্তৃত ভাবে অৱগত কৰে। এই ভাৰ্চুৱেল সজাগতামূলক কাৰ্যসূচীত কনজুমাৰ্চ লিগেল প্রটেক্টশ্বন ফৰামৰ সচিব অধিবক্তা অজয় হাজৰিকা আৰু যোৰহাট জিলা গ্ৰাহক আদালতৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত জিলা ন্যায়াধীশ খগেন দহোটিয়াই অংশ লৈ গ্ৰাহক সুৰক্ষা আইনৰ সংশোধিত অনুচ্ছেদ সমূহৰ বিষয়ে বিস্তৃত ভাবে ব্যাখ্যা আগবঢ়ায়। ছচিয়েল মিডিয়াৰ জৰিয়তেও ফৰামে সংশোধিত গ্ৰাহক সুৰক্ষা আইনৰ ওপৰত আজি ব্যাপক সজাগতামূলক প্ৰচাৰ চলায়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা