উত্তৰ গুৱাহাটীৰ ৰাজপথত ৰাজস্থানী লেডী গেং!

পঙ্কজ নাথ, চাংসাৰি, ২৩ ডিচেম্বৰ :

আৰ্তজনৰ সাহাৰ্য্যৰ নামত ৰাজস্থানী লেডী গেঙৰ লুণ্ঠনৰাজ। উত্তৰ গুৱাহাটীৰ লগতে বিভিন্ন অঞ্চলৰ ৰাজপথত, দোকান-পোহাৰত মাত্ৰ এখিলা উকা কাগজত বিকলাঙ্গৰ নামত সাহাৰ্য বুলি লিখি প্ৰতিখন বাহন, দোকান-পোহাৰৰ পৰা ১০০, ৫০০ পৰা ১০০০ টকাকৈ দকাহকা দি এই লেডী গেঙে ধন সংগ্ৰহ কৰাত ৰাইজ অতিষ্ঠ হৈ পৰিছে । আজি পূৱা হঠাৎ এই দলটোৱে উত্তৰ গুৱাহাটী গেছ বটলিং প্লান্টলৈ যোৱা সদা ব্যস্ত পথটোৰে আহ যাহ কৰা সৰু বৰ এশ ডেৰশ গাড়ীৰ পৰা ধন সংগ্ৰহ কৰে। অতি আচৰিত কথা যে স্হানীয় পুলিচ, প্ৰশাসনৰ অনুমতি অবিহনে এই আঠ দহজনীয়া ছোৱালী দলটোৱে বিগত সময়চোৱাত দৈনিক বিভিন্ন স্হানত অবৈধ ভাৱে চান্দা তুলি সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰিছে বুলি বহু ভুক্তভোগীয়ে অভিযোগ উত্থাপন কৰিছে। আজি দলটোৱে চান্দা তুলি থকা সময়তে সাংবাদিক উপস্থিত হোৱাৰ উমান পাই ততাতৈয়াকৈ ঘটনা স্হলীৰ পৰা পলায়ন কৰে। উল্লেখ্য যে এই গেংটোৱে যোৱা বহু বছৰ জুৰি এইদৰে বিভিন্ন স্হানত ভুৱা কাগজৰে সুদূৰ ৰাজস্থানৰ পৰা আহি অসমত বিকলাঙ্গ, আৰ্তজনৰ নামত ৰমৰমীয়া ব্যৱসায় চলাই যাবলৈ সক্ষম হৈছে । ইয়াৰ পিছতো প্ৰশাসনে এইসকলক নিয়ন্ত্ৰণ কৰিব নোৱাৰাত প্ৰশাসনক তীব্ৰ সমালোচনা কৰিছে একাংশ সচেতন ৰাইজে। এই সকলো বিষয় ভালদৰে চাই শীঘ্ৰেই এই লেডী গেঙটোক নিয়ন্ত্ৰণ কৰি সৰ্বসাধাৰণ ৰাইজক এইসকলে কৰা অসুবিধাৰ পৰা পৰিত্ৰাণ দিয়াবলৈ প্ৰশাসনক আহ্বান জনাইছে একাংশ ভুক্তভোগী ৰাইজে।

কামৰূপ ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা