আমিনগাঁওত প্ৰধানমন্ত্ৰী কৃষি জল সিঞ্চন যোজনাৰ শুভাৰম্ভণি মূখ্যমন্ত্ৰী সোণোৱালৰ

পঙ্কজ নাথ, চাংসাৰি, ৩০ ডিচেম্বৰ :

দেশৰ কৃষকৰ ফচল দুগুন কৰাৰ লক্ষ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। ২০২২ ত দেশৰ ফচল দুগুন কৰি খাদ্য শস্যত ভাৰত হব স্বাবলম্বী । এই উদ্দেশ্য আগত ৰাখি কেন্দ্ৰীয় চৰকাৰৰ প্ৰধান মন্ত্ৰীৰ কৃষি জল সিঞ্চন যোঁজনা(DMKSY) ৰ আজি শুভ উন্মোচণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । কৃষি জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাৰ উপস্থিতিত আচনিখন উন্মোচণ কৰি মুখ্য মন্ত্ৰী গৰকীয়ে ২০২২ত খাদ্য শস্যৰ ক্ষেত্ৰত ভাৰত স্বাবলম্বী হব বুলি আশা প্ৰকাশ কৰে । ২৯ জিলাক সামৰি দুটা পৰ্যায়ত ৰূপায়ণ হব লগীয়া আচণি খণৰ প্ৰথম পৰ্যায়ত ৪৭৭৯টাম পানী পাম্পৰ আজি ছয় জন হিতাধিকাৰীক চেকৰ  জৰিয়তে ধন প্ৰদান কৰে । ২৪৩ কৌটি ব্যয় সাপেক্ষ আচণি খনৰ ৯৯৬০টা পাম্প অসমৰ কৃষকক বিতৰণৰ  বাবে স্থিৰ কৰিছে । ৰাজ্যৰ তিনি লাখ হেক্টৰ কৃষি ভুমিত জল সিঞ্চনৰ লক্ষৰে  ১৬ ,৭৫০ টা নলীনাদেৰে সামৰিব পথাৰ ।  আমিন গাঁও কুমাৰ ভাস্কৰ বাৰ্মা ক্ষেত্ৰৰ একেটা অনুস্থানতে চেণ্ট্ৰেল লেবৰেটৰী  অডিটৰিয়াম এণ্ড গেছ হাউছৰো আধাৰ শিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সোণোৱালে। কৃষি ভুমি পৰীক্ষাৰ বাবে প্ৰয়োগশালাৰ লগতে লখৰাত নিৰ্মিত হবলগীয়া  প্ৰাক কলন মুল্য পাঁছ কোটি টকাৰে কৃষি বিভাগৰ অতিথিশালা নিৰ্মানৰ আধাৰ শিলা আমিন গাঁৱতে স্থাপন কৰে । উন্মোঢণী অনুষ্ঠানত কৃষি আৰু জলসিঞ্চন ৰাজ্যিক মন্ত্ৰী ভবেশ কলিতাই ভাষণেৰে কৃষকক উৎসাহিত কৰাৰ চেষ্টা কৰে । অনুষ্ঠানত কামৰূপ উপায়ুক্ত কৈলাশ কাৰ্তিক এন আৰু নলবাৰীৰ বিধায়ক অশোক শৰ্মাও উপস্থিত থাকে ।

কামৰূপ ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা