মাজুলীত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু চিতা- ভস্ম বিসৰ্জন

মাজুলী জিলা কংগ্ৰেছ, সেৱা দল ইয়ং ব্ৰিগেড আৰু এন এচ ইউ আইৰ সহযোগত অসমৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু চিতা- ভস্ম বিসৰ্জন কাৰ্যসূচী সম্পন্ন কৰে।
আজি পুৱা মাজুলীৰ গড়মূৰত থকা ৰাজীৱ ভৱনৰ পৰা প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ চিতা- ভস্ম লৈ কংগ্ৰেছ কৰ্মী সকলে তৰুণ গগৈ অমৰ হওঁক শ্ল' গান দি বৃহৎ ৰেলি কৰি মাজুলীৰ কমলাবাৰী ঘাটত তেখেতৰ প্ৰতিচ্ছবিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনায়। ইয়াৰ পিছতেই বৈদিক কৰ্ম সম্পন্ন কৰি  ব্ৰহ্মপুত্ৰত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ চিতা- ভস্ম বিসৰ্জন দিয়ে। নাম প্ৰসংগৰে আয়োজন কৰা অনুষ্ঠানটিত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ আত্মাৰ শান্তি কামনা কৰে।কাৰ্যসূচীত মাজুলীৰ প্ৰাক্তন বিধায়ক ৰাজীৱ লোচন পেগুৰ, প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ভাতৃ দীপ গগৈৰ লগতে বহু জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী, বিষয়ববীয়া সকল, মাজুলী জিলা বিজেপিৰ কৰ্মীৰ লগতে বিষয়ববীয়া সকলো  উপস্থিত থাকে। 

পৰাণজ্যোতি বৰা, মাজুলী।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা