ৰঙিয়াৰ বৰলীয়া নৈৰ কাঠৰ জৰাজীৰ্ণ দলঙৰ পৰা পৰি আহত - ১

প্ৰতিবেদক , ৰঙিয়া ২৩ ডিচেম্বৰঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত ৰাজ্যৰ সকলো বাট পথ আৰু দলঙৰ ব্যপক উন্নতি সাধন হোৱা তথা সকলো কাঠৰ দলং পকী হোৱা বুলি কৈ থকাৰ সময়তে আজি সন্ধিয়া ৰঙিয়া বৰলীয়া নৈৰ ওপৰত থকা জৰাজীৰ্ণ কাঠৰ দলঙৰ পৰা চাইকেল সহ তলত পৰাত এজন লোক নিশ্চিত মৃত্যুৰ কথামপি ৰক্ষা পৰে যদিও গুৰুতৰ ভাৱে আহত হয়। তেওঁক লগে লগে ৰঙিয়া অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়। গাওঁয়ে গাওঁয়ে কাপোৰ ফেৰি কৰি সংসাৰ পোহপাল দিয়া ৰঙিয়াৰ সমীপৰ খন্দিকৰৰ মকিবৰ ৰহমানে চাইকেলেৰে বৰলীয়া নৈৰ ৰেলিং বিহীন  জহি খহি যোৱা কাঠৰ দলংখন পাৰ হবলৈ ধৰোতে হঠাৎ  ৰহমানে তলত পৰি যায়। নৈৰ বুকুত পৰা যুৱক জনক একাংশ প্ৰত্যক্ষদৰ্শীয়ে লগে লগে পানী  জুৱলিৰ পৰা তুলি কোনো মতে প্ৰাণ ৰক্ষা কৰে।অৱশ্যে তেওঁৰ লগত থকা বিভিন্ন সামগ্ৰীৰ উপৰিও   নগদ ধন পানীত উটি যোৱা বুলি তেওঁ  জানিবলৈ দিয়ে।এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । উল্লেখযোগ্য যে গড়কাপ্তানী বিভাগৰ অমনোযোগিতা আৰু হেমাহীৰ বাবে দীৰ্ঘদিন ধৰি উক্ত কাঠৰ দলংখন মেৰামতিৰ নকৰাৰ ফলত দলংখন মৰণ ফান্দলৈ পৰিণত  হৈছে। দলংখনৰ দুয়োকাষে থকা ৰেলিং পোষ্ট ,ৰেলিং বাৰ  সমূহ ভাঙি চিগি যোৱাৰ বাবে আজি দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি ৰাইজে অভিযোগ কৰিছে। গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে  কাঠৰ দলংখনেৰে দেওবাৰ আৰু বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা  ৰঙিয়া অৰ্ধসপ্তাহিক বজাৰলৈ ৰঙিয়া তথা বিভিন্ন প্ৰান্তৰ লোক সকলে বজাৰত অহা-যোৱা কৰে । অকল সেয়াই নহয় ওচৰ পাজৰৰ গাওঁৰ লোকৰ লগতে ছাত্ৰ ছাত্ৰী সকলে দৈনিক অহা যোৱা কৰে।  স্থানীয় ৰাইজে এই জৰাজীৰ্ণ  দলংখন  অতি শীঘ্ৰে  মেৰামতি কৰাৰ লগতে পৰৱৰ্তী সময়ত পকী কৰিবলৈ  দাবী জনাইছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা