বেবেজীয়াত উন্মোচিত হ’ল এজাক কিশোৰ-কিশোৰীৰ ’হেঁপাহৰ গজালি

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৪ ডিচেম্বৰঃ "এখন ঘৰে ভাল সন্তান গঢ় দিয়ে ৷ যদি পিতৃ-মাতৃ ভাল হয়, তেন্তে সেই পিতৃ-মাতৃয়ে সু-সংস্কাৰৰ জৰিয়তে  ঘৰখনৰ ল’ৰা-ছোৱালী বা সন্তান সকলক সু-সংস্কৃত কৰি গঢ়ি তুলিব পাৰে ৷ ঠিক তেনেকুৱা এক পৰিৱেশৰ পৰা লালিত-পালিত হোৱা এজাক কিশোৰ-কিশোৰীয়ে বাস্তৱতাবাদী অথবা বস্তুবাদী সমাজৰ পৰা আঁতৰি কবিতা চৰ্চাৰ জৰিয়তে সৃষ্টিশীল এখন নতুন জগতলৈ গতি কৰাৰ খবৰ সঁচাকৈয়ে বৰ্তমান সময়ত আশাৰ বতৰা ৷ মানুহৰ মনৰ হেঁপাহেই  মানুহক দূৰ-দিগন্তলৈ লৈ যায় ৷" প্ৰেছ ক্লাব, বেবেজীয়াৰ উদ্যোগত তিনি ডিচেম্বৰত অনুষ্ঠিত হৈ যোৱা এক অনুষ্ঠানত ২৮ জনকৈ কিশোৰ-কিশোৰীৰ সন্নিবিষ্ট ’হেঁপাহৰ গজালি’ শীৰ্ষক কাব্য সংকলনখনি উন্মোচন কৰি উল্লিখিত মন্তব্য দাঙি ধৰে নগাঁও জিলাৰ খাগৰিজান উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া তথা সুকণ্ঠী আবৃত্তিকাৰ শেৱালি চক্ৰৱৰ্তীয়ে ৷ প্ৰেছ ক্লাব, বেবেজীয়াৰ সম্পাদক প্ৰাঞ্জল বৰদলৈৰ পৰিচালনাত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক তথা প্ৰতিষ্ঠিত কবি অজিত ভৰালীয়ে কাব্য সংকলনখনিৰ সন্দৰ্ভত সমীক্ষা আগবঢ়াই কয় যে-অধ্যয়ন, অন্তদৃষ্টি আৰু অভিজ্ঞতাৰে পৰিপূৰ্ণ হ’ব পাৰিলে কবি সকল সফল হ’ব বুলি আশা কৰিব পাৰি ৷ অসমৰ কেইবাখনো জিলাৰ কবিসকলে সামাজিক মাধ্যমেৰে একত্ৰিত হৈ অতিমাৰীৰ সময়ত এনেধৰণৰ সৃষ্টিশীল কৰ্মত ব্ৰতী হোৱাটো আমাৰ বাবে গৌৰৱৰ বিষয় বুলি মন্তব্য কৰি ভৰালীয়ে কবিতাই সলনি কৰিব পাৰে সমাজ আৰু মানুহৰ সংকীৰ্ণতা বুলিও তাৎপৰ্যপূৰ্ণ অভিমত ব্যক্ত কৰে ৷ বেবেজীয়াৰ ভোগেশ্বৰ হাজৰিকা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানটিত বিদ্যালয়খনৰ অধ্যক্ষ উপেন বৰাই সন্মানীয় অতিথি হিচাপে অংশ গ্ৰহণ কবিতাৰ অন্য এক নাম ভালপোৱা বুলি মন্তব্য কৰে ৷ প্ৰেছ ক্লাব, বেবেজীয়াৰ সভাপতি সমীৰ হাজৰিকা আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত নগাঁও জিলা সাহিত্য সভাৰ উপ-সভাপতি থগিত মহন্ত,  নগাঁও জিলা তিৱা সাহিত্য সভাৰ সভাপতি বীৰেণ লালুং, শিক্ষানুষ্ঠানখনৰ উপাধ্যক্ষা কল্পনা শৰ্মা, বিশিষ্ট বাঁহী বাদক দীপক শৰ্মা আৰু অৱসৰপ্ৰাপ্ত শিক্ষক আৰু প্ৰবীণ শিল্পী গম্ভীৰ নাথ বিশিষ্ট অতিথি হিচাপে য়োগদান কৰা অনুষ্ঠানটিত তিৱা স্বায়ত্ত্ব পৰিষদৰ উপাধ্যক্ষ বিদ্যুত বৰদলৈ, বেবেজীয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তৰ সভাপতি দীগন্ত কুমাৰ নাথ, শিক্ষক চন্দ্ৰজিৎ দাস, সংগীত শিল্পী দীপাংকৰ শইকীয়া,  সমাজকৰ্মী বুদ্ধেশ্বৰ বৰদলৈ আৰু শনিৰাম বৰদলৈ আমন্ত্ৰিত অতিথি হিচাপে অংশ গ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে ৷ উল্লেখ্য, নগাঁও এ ডি পি কলেজ, ননৈ কলেজ, নগাঁও আই টি আই কলেজ, নগাঁও বালিকা বিদ্যালয়, বঙাইগাঁও পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, টিংখং কলেজকে ধৰি বিভিন্নখন শিক্ষানুষ্ঠানৰ মুঠ ২৮ জন ছাত্ৰ-ছাত্ৰীৰ মুঠ ছয়ত্ৰিশটা কবিতাই স্থান লাভ কৰা কাব্য সংকলনখনিৰ উন্মোচনী অনুষ্ঠানটিত সকলোৰে হৈ বিশ্বজিৎ বৰদলৈ, অজয় ডেকা আৰু ৰাজীৱ শৰ্মাই কবিতা পাঠ কৰে ৷ আনহাতে অনুষ্ঠানটিত শিশু শিল্পী পৰী বৰদলৈৰ নৃত্য, কণ্ঠশিল্পী কীৰ্তি কৃষ্টি বৰা আৰু শিক্ষক ৰঞ্জন হাজৰিকাই পৰিৱেশন কৰা গীত আৰু কবি মালা কাকতি, শিক্ষয়িত্ৰী দীপালী ডেকাই আবৃত্তি কৰা কবিতাৰ ধ্বনিয়ে অনুষ্ঠানটিক এক সুকীয়া মাত্ৰা প্ৰদান কৰে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা