বেবেজীয়াত একশৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠা দিৱস≈≈হৰিনামৰ অমিয়া সুৰে বোৱাইছে ভক্তিৰ নিজৰা

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৮ ডিচেম্বৰঃ জীৱ জগতৰ কল্যাণ আৰু বিশ্ব শান্তিৰ অৰ্থে আধ্যাত্মিক সাধনৰত সামাজিক-সাংস্কৃতিক আৰু ধৰ্মীয় অনুষ্ঠান একশৰণ ভাগৱতী সমাজ, অসমৰ ৪৮ তম্ প্ৰতিষ্ঠা দিৱসটি ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে সোমবাৰৰ পৰা একশৰণ ভাগৱতী সমাজৰ মুখ্য কাৰ্যালয় নগাঁও জিলাৰ বেবেজীয়া পালনাম থানত উদযাপন কৰা হয় ৷ এই মৰ্মে, বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হোৱা ভক্তৰ সমাগমেৰে পালনাম থানত উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি হোৱাৰ বিপৰীতে হৰিনামৰ অমিয়া সুৰে চৌপাশে ভক্তি নিজৰা বোৱা দেখা যায় ৷ প্ৰথম দিনা ভকত আদৰণি, সন্ধ্যা প্ৰসংগ আৰু জপ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ আজি দ্বিতীয় দিনা পুৱাৰ ভাগত প্ৰাতঃ প্ৰসংগেৰে কাৰ্যসূচীৰ পাতনি মেলাৰ পিছতে ধৰ্মধ্বজা উত্তোলন কৰে একশৰণ ভাগৱতী সমাজৰ উপাচাৰ্য অনুৰাম আতাই ৷ সমাজৰ কেন্দ্ৰীয় প্ৰচাৰ সচিব ডেভিদ দাসৰ উপস্থিতিত প্ৰধান সচিব জীৱন কাকতিয়ে আঁত ধৰা এই কাৰ্যসূচীত দিয়া চমু ভাষণত সমাজৰ উপাচাৰ্যগৰাকীয়ে প্ৰতিষ্ঠা দিৱসৰ দিনা সমাজৰ প্ৰতিঘৰ লোককে নিজৰ পদুলিত এগছিকৈ বন্তি জ্বলাবলৈ আহ্বান জনায় ৷ ইয়াৰ পিছতে শৰাই অৰ্চন আৰু পূৱ শালমৰাৰ গায়ন-বায়নৰ দ্বাৰা খোল প্ৰসংগ কৰা হয় ৷ দুপৰীয়া ধৰ্মীয় আচাৰ-ৰীতিৰ মাজেৰে মহাপালনাম অনুষ্ঠিত কৰা হয় ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত-বৈষ্ণৱ, আইমাতৃসকলৰ অংশগ্ৰহনেৰে অনুষ্ঠিত হোৱা এই পালনামে সমগ্ৰ পালনাম থান প্ৰাংগণ মুখৰিত কৰি তোলে ৷ এই পালনামৰ মূল আসনত একশৰণ ভাগৱতী সমাজৰ প্ৰাদেশিক পালনামাচাৰ্য্য বালিৰাম আতা, পাঠৰ মূল আসনত সমাজৰ তত্ত্ব পৰিষদৰ সদস্য মূহীধৰ আতা, দূহাৰ আসনত সমাজৰ পাৰমাৰ্থিক সন্মিলনৰ সদস্য নিৰ্মল আতা আৰু সোমেশ্বৰ আতাই বহি অনুষ্ঠানটি সুকলমে পৰিচালনা কৰে ৷ বিয়লি মহাপালনামৰ সামৰণিৰ পিছতে সন্ধ্যা প্ৰসংগ আৰু পাৰমাৰ্থিক সন্মিলন অনুষ্ঠিত কৰা হয় ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা