ইয়াং ইণ্ডিয়াৰ গুৱাহাটী শাখাই আয়োজন কৰিলে “য়ি ইউথ কনক্লেভ ২০২০”


ষ্টাফৰিপোৰ্টাৰ, ১৯ ডিছেম্বৰ, ২০২০: কনফেডাৰেছন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰি ৰ যুৱ সংগঠন ইয়াং ইণ্ডিয়াৰ গুৱাহাটী শাখাই ইয়াৰ প্ৰথম য়ি ইউথ কনক্লেভ ২০২০ যোৱা ১৯ ডিছেম্বৰ ২০২০ ত গুৱাহাটীত অনুষ্ঠিত কৰে। এই অনুষ্ঠান ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট (শ্বিলং)ৰ সহযোগত অনুষ্ঠিত কৰা হয় তথ্য সহযোগী হিচাপে আৰু অনুষ্ঠানত উপস্থিত থাকে শ্ৰী জিষ্ণু বৰুৱা, ভাৰতীয় প্ৰশাসনিক বিষয়া, অসম চৰকাৰৰ মুখ্য সচিব, শ্ৰী বি কল্যান চক্ৰৱৰ্তী, ভাৰতীয় প্ৰশাসনিক বিষয়া, মুখ্য সচিব, প্ৰাথমিক আৰু উচ্চ মাধ্যমিক শিক্ষা বিভাগ আৰু মুখ্য সঞ্চালক, এসএসএ, আৰু এমডি, আৰ এম এস এ, অসম চৰকাৰ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসমূহ।

হামাড বাৰ্লেস্কাৰ, য়ি গুৱাহাটী শাখাৰ মুখ্য বিষয়া ই অনুষ্ঠানত উপস্থিত থাকি কয়, “ইয়াং ইণ্ডিয়ান এ যোৱা বছৰসমূহত বিভিন্ন প্লেটফ’ৰ্মত বৃহৎ পৰিসৰত এককভাৱে আৰু দলীয় ভাৱে কাম কৰিছে, গতিকে যুৱ প্ৰজন্ম নিশ্চিতভাৱে আমাৰ লক্ষ্য। আমাৰ এই প্ৰচেষ্টাৰ দ্বাৰা সদায়েই যুৱ প্ৰজন্মক উৎসাহিত আৰু সফলতাৰ জখলতাত ওপৰলৈ যোৱাত সহায় কৰি আহিছো আৰু উপলব্ধি কৰোৱাইছো যে বয়স কেতিয়াও পৰিৱৰ্তনৰ হেঙাৰ হ’ব নোৱাৰে, তেঁওলোকৰ শক্তি আৰু অনুৰাগ য়ে সকলোকে আগবঢ়াই নিব।“

এই অনুষ্ঠানত কেইবাটাও বৈঠক অনুষ্ঠিত হয় য’ত দক্ষ উদ্যোগিক ব্যক্তিসকলে অনুষ্ঠান আগবঢ়াই নিয়ে। আলোচনাত ৰাষ্ট্ৰীয় শিক্ষা নীতি, চলচিত্ৰ নিৰ্মান, মনোবিজ্ঞান ইত্যাদি বিভিন্ন বিষয় সামৰি লয়। চেণ্টাৰ ফ’ৰ পজিটিভ চাইকোল’জি এণ্ড ৱেলবিয়িং – চিপিপিডব্লিউ এই অনুষ্ঠানতে উদ্ধোধন কৰা হয় যাৰ লক্ষ্য হ’ল যুৱ প্ৰজন্মৰ মাজত শক্তিশালী মানসিক স্বাস্থ্য আৰু মনোবৈজ্ঞানিক সামৰ্থ সম্পৰ্কে সজাগতা আৰু প্ৰচাৰ।

অনুষ্ঠান সম্পৰ্কে চমুকৈ অমৃত দেওৰা, য়ি ইউথ কনক্লেভ অনুষ্ঠানৰ মুখ্য বিষয়া ই কয়,”য়ি ইউথ কনক্লেভ ২০২০ হ’ল যুৱ প্ৰজন্মৰ বাবে এখন প্লেটফ’ৰ্ম য’ত তেঁওলোকে ভাৰতৰ ভৱিষ্যতক ৰূপান্তৰ, নেতৃত্ব, সহ-সৃষ্টি কৰিব আৰু প্ৰভাৱ পেলাব পাৰে, সকলো অংশীদাৰী – ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, পিএসউ, ক’ৰপোৰেট, স্থানীয় উদ্যোগ, ষ্টাৰ্ট-আপ, ব্যৱসায় আৰু ৰাজনৈতিক নেতা, ভাৰত আৰু বিদেশৰ চিন্তাবিদসকল, লেখক, শিল্পী, পৰিৱৰ্তনকামী ব্যক্তি – আদি সকলোকে একজোঁট কৰি অগ্ৰগামী ধাৰণা সমূহ শিকি-বুজি, অৱদান আৰু বিনিময় কৰিব পাৰে।“

এই অনুষ্ঠানত দুটি অনলাইন বৈঠক অনুষ্ঠিত হয়  - শ্ৰী বৈজয়ন্ত জয় পাণ্ডা, ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি আৰু দিল্লী আৰু অসম প্ৰদেশ বিজেপি ৰ ৰাজ্য মুখ্য দ্বায়িত্ববাহী বিষয়াই উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ প্ৰজন্মৰ দৰ্শন – উদ্যোগিকৰন আৰু ৰাজনীতি বিষয়ৰ ওপৰত আলোকপাত কৰে আৰু আনটো বৈঠক অনুষ্ঠিত কৰে শ্ৰী সঞ্জয় মুখৰ্জী য়ে, সহকাৰী অধ্যাপক, আইআইএম শ্বিলং , বিষয় আছিল – “বিশৃংখলতাৰ পৰা শ্ৰেষ্ঠতা: প্ৰাচীন ভাৰতীয় জ্ঞানৰ পৰা অনুপ্ৰেৰণামূলক অন্তৰ্দৃষ্টি।“

য়ি গুৱাহাটী শাখাৰ বাৰ্ষিক গ্ৰন্থ আৰু বাতৰি কাকত “কপৌ” ও এই অনুষ্ঠানতে উন্মোচন কৰা কৰা হয়, য’ত য়ি গুৱাহাটী শাখাৰ অধীনত ২০২০ বৰ্ষত হোৱা সকলো কাম আৰু পদক্ষেপ সন্দৰ্ভত আভাষ তুলি ধৰা হৈছে।
শ্ৰী বি কল্যান চক্ৰৱৰ্তী, ভাৰতীয় প্ৰশাসনিক বিষয়া, মুখ্য সচিব, প্ৰাথমিক আৰু উচ্চ মাধ্যমিক শিক্ষা বিভাগ আৰু মুখ্য সঞ্চালক, এসএসএ, আৰু এমডি, আৰ এম এস এ, অসম চৰকাৰ; শ্ৰী আৰ চি জৈন, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া, উপদেষ্টা, অসম মাধ্যমিক শিক্ষা পৰিষদ; শ্ৰী অতুল কুলকৰ্ণি, বোৰ্ড অৱ ডাইৰেক্টৰৰ সদস্য, আইআইএম শ্বিলং; প্ৰফেচৰ দেৱেশ্চ ৱালিৱা, পৰিৱেশ বিজ্ঞান বিভাগ, নেহু আৰু শ্ৰী অৰিন্দম বৰুৱা, প্ৰতিষ্ঠাপক, ইউফ’নি এডুকেশ্বন প্ৰাইভেট লিমিটেড – এ আলোকপাত কৰে যুৱ শৈক্ষিক ষ্টাৰ্ট-আপৰ বাবে নতুন শিক্ষা নীতিত ব্যৱসায়িক সুযোগ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা