অনলাইন জ্যোতি সংগীত প্ৰতিযোগিতাৰ আয়োজন

সঞ্জীৱ দাস, ভৱানীপুৰ, ২৪ ডিচেম্বৰঃ 'হৃদয়' মাহেকীয়া আলোচনীয়ে শিল্পী দিৱস উপলক্ষে 'অনলাইন জ্যোতি সংগীত' প্ৰতিযোগিতা এখনিৰ আয়োজন কৰিছে। 'হৃদয়'ৰ সম্পাদক চফিখুৰ ৰহমানে জনোৱা মতে, যিকোনো বয়সৰ প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিযোগীসকলে জ্যোতি প্ৰসাদ আগৰৱালাৰ যিকোনো এটা গীত নিজে গাই থকাৰ ভিডিঅ' কৰি ৯১০১০৫৫৪৮৪ হোৱাটছ্এপযোগে প্ৰেৰণ কৰিব লাগিব। এই ভিডিঅসমূহ হৃদয়ৰ ইউটিউব চেনেল MPH Media -ত আপলোড কৰা হ'ব। সম্পাদকে জনায় যে, ভিডিঅ'সমূহ আগন্তুক বৰ্ষৰ ১০ জানুৱাৰীৰ নিশা ৮ বজাৰ ভিতৰত পঠাব লাগিব আৰু ১৫ জানুৱাৰীৰ ৮ বজাৰ ভিতৰত অহা ইউটিউবৰ ভিউৱাৰ্চৰ পৰা ৫০ শৰাংশ আৰু বিচাৰকে প্ৰদান কৰা নম্বৰৰ ৫০ শতাংশৰ ভিত্তিত বিজয়ী ঘোষণা কৰা হ'ব। বিজয়ী প্ৰাৰ্থীক প্ৰমাণ পত্ৰ আৰু কিতাপৰ টোপোলা পুৰষ্কাৰ হিচাপে ডাকযোগে প্ৰেৰণ কৰা হ'ব বুলি জনায় উদ্যোক্তাই।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা