বঙাইগাঁৱত আয়ূৰ্বেদিক চিকিৎসকক অস্ত্ৰোপচাৰ কৰাৰ অনুমতি বন্ধ কৰাৰ দাবীত আইএমএৰ প্ৰতিবাদ

বঙাইগাঁওঃ ৮ ডিচেম্বৰঃআয়ূৰ্বেদিক চিকিৎসক সকলক অস্ত্ৰোপচাৰ কৰাৰ অনুমতি প্ৰদান কৰা বন্ধ কৰা তথা মিক্সোপ্যাথি প্ৰথা বন্ধ কৰাৰ দাবীত আজি আই এম এ ৰ বঙাইগাঁও শাখাই এক প্ৰতিবাদ সাব্যস্ত কৰে ৷ বঙাইগাঁও ল’ৱাৰ আছাম হস্পিতাল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত আই এম এ ৰ বঙাইগাঁও শাখাৰ সভাপতি ডাঃ এচ কে দাসে অংশগ্ৰহণ কৰি কয় যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাষ্ট্ৰীয় মেডিকেল কাউঞ্চিলৰ নতুন এক নিৰ্দেশনা মৰ্মে এতিয়াৰে পৰা আয়ূৰ্বেদিক চিকিৎসক সকলেও চিকিৎসালয়ত অস্ত্ৰোপচাৰ কৰিব লাগিব ৷ সভাপতি গৰাকীৰ মতে আয়ূৰ্বেদিক চিকিৎসক সকলোৰ কোনো  এলোপেথিক পাঠ্যক্ৰমৰ প্ৰশিক্ষণ দিয়া নহয় ৷ গতিকে আয়ূৰ্বেদিক চিকিৎসক সকলোৰ দ্বাৰা কোনোপধ্যেই  অস্ত্ৰোপচাৰ কৰাটো সম্ভৱপৰ নহয়৷ কাৰণ আয়ূৰ্বেদিক চিকিৎসক সকলে এলোপেথিক মেডিচিন প্ৰয়োগ অথবা অস্ত্ৰোপচাৰৰ অন্যান্য পদ্ধতি সমূহ ব্যবহাৰ কৰাৰ অধিকাৰ নাই ৷ তেওঁৰ মতে আয়ূৰ্বেদিক চিকিৎসক সকলোৰ দ্বাৰা অস্ত্ৰোপচাৰ কৰাটো ৰোগীৰ জীৱনলৈ হেতালি খেলাৰ বাহিৰে আন একো নহ'ব  ৷ গতিকে এলোপেথিক আৰু আয়ূৰ্বেদিক চিকিৎসক সকলোক একাকাৰ কৰি যি মিক্সোপ্যাথি ব্যবস্থা চৰকাৰে হাতত লৈছে এই ব্যবস্থা বাতিল কৰিব লাগে ৷ তেওঁৰ মতে দেশৰ জনসংখ্যা তথা চিকিৎসালয়ৰ সংখ্যা অনুসৰি কমেও ৪০ লাখ এলোপেথিক চিকিৎসকৰ প্ৰয়োজন যদিও দেশত এই চিকিৎসকৰ সংখ্যা আছে মাথো ৯ লাখ  ৷ গতিকে এই অভাবখিনি পূৰণৰ কাৰণে আয়ূৰ্বেদিক চিকিৎসক সকলোকো এলোপেথিক চিকিৎসকৰ কৰ্মত পূৰণ কৰিব বিচাৰিছে চৰকাৰে ৷ তেওঁ লগতে কয় যে আমি আয়ূৰ্বেদিক চিকিৎসকৰ বিৰুদ্ধে নহয় আৰু তেওঁলোকৰ নিয়োগৰ বিৰুদ্ধেও নহয় ৷ কিন্তু চৰকাৰৰ অবাস্তৱমুখী তথা কোনো গ্ৰহণযোগ্যহীন সিদ্ধান্ত আইএমএ মানি নলয় ৷ চৰকাৰক এই ক্ষেত্ৰত এক সঠিক আৰু শুদ্ধ নীতি গ্ৰহণ কৰিবলৈকো তেওঁ আহ্বান জনায় ৷ তেওঁৰ মতে মিক্সোপ্যাথিৰ এই সিদ্ধান্ত বাতিল কৰি আয়ুস মেডিচিনৰ ব্যৱস্থা অথবা হোমিও মেডিচিনৰ ব্যবস্থা গ্ৰহণ কৰি নিজ নিজ পদ্ধতি মতে চিকিৎসা ব্যৱস্থা চলিব লাগে আৰু এমবিবিএছ চিকিৎসক বৃদ্ধিৰ বাবে নতুন নতুন মেডিকেল কলেজ স্থাপন কৰি এমবিবিএছ পাঠ্যক্ৰম অধ্যায়নৰ সুযোগ কৰি এই চাহিদা পূৰণ কৰিব লাগে ৷ কিন্তু চৰকাৰে তাকে নকৰি এলোপেথিক আৰু আয়ূৰ্বেদিক চিকিৎসা ব্যৱস্থাক একাকাৰ কৰি যি মিক্সোপ্যাথি ব্যৱস্থা গ্ৰহণৰ প্ৰয়াস চলাইছে সেই ব্যবস্থাৰ আই এম এই বিৰোধিতা কৰি যাবো বুলিও কয় ৷ 

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা